/asomiyapratidin/media/media_files/2025/11/21/1-2025-11-21-08-42-16.jpg)
ডিজিটেল সংবাদ, গহপুৰ: সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনি-চাৰিমাহ বাকী। ইয়াকে লৈ অসমৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰীক তৎপৰতা। শাসকীয় বিজেপিয়ে সমাগত নিৰ্বাচনক লৈ আৰম্ভ কৰিছে বিভিন্ন ৰণনীতি আৰু সাংগঠনিক তৎপৰতা।
অসমৰ আন আন প্ৰান্তৰ দৰে বিশ্বনাথ জিলাতো বিজেপিৰ সাংগঠনিক তৎপৰতা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি বৃদ্ধি পোৱা বিজেপিৰ এই সাংগঠনিক তৎপৰতাই তৃণমূল কৰ্মী সকলক উৎসাহিত কৰি তুলিছে।
কিন্তু ইয়াৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কোনো ধৰণৰ সাংগঠনিক তৎপৰতা দেখা পোৱা নাই বিশ্বনাথ জিলাখনত। বহু দিনৰ বিৰতিত মাজে সময়ে দুই এখন চালুকীয়া সভাৰ বাহিৰে তৃণমূল পৰ্যায়ত দলটোৰ ভেটি মজবুত কৰি তুলিবলৈ বিশ্বনাথ জিলাত কোনোধৰণৰ সাংগঠনিক তৎপৰতা দেখা পোৱা নাই কংগ্ৰেছ দলটোৰ দলীয় নেতৃত্বৰ।
দিলীপ বৰুৱা বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি হৈ থকাৰ সময়ত জিলাখনত সাংগঠনিক তৎপৰতা কিছু হ'লেও বৃদ্ধি পাইছিল যদিও প্ৰশান্ত হাজৰিকাক এ পি চি চিয়ে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ পিছৰে পৰা জিলাখনত ক্ৰমান্বয়ে বিধ্বস্ত হোৱাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দলটোৰ সাংগঠনিক ভেটি।
অভিযোগ অনুসৰি, ঘৰতে শুই বহি সময় কটোৱা স্বভাৱৰ নেতা প্ৰশান্ত হাজৰিকাই বিশ্বনাথ জিলাত কংগ্ৰেছ দলটোৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ আজিলৈকে কোনোধৰণৰ ব্যতিক্ৰমী আৰু গ্ৰহণযোগ্য পদক্ষেপ গ্ৰহণ কৰা নাই।
বুথ কমিটিৰ পৰা আৰম্ভ কৰি মণ্ডল কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়াৰ লগত কোনোধৰণৰ যোগসূত্ৰ নথকা বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত হাজৰিকাক জিলাখনৰ বহু তৃণমূল কংগ্ৰেছ কৰ্মীয়ে আজিলৈকে চিনিকে নাপালে।
দলটোৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি তুলিবলৈ নিত্য নতুন ৰণ কৌশল তৈয়াৰ কৰাৰ বিপৰীতে প্ৰশান্ত হাজৰিকাই মাজে সময়ে জিলা কংগ্ৰেছৰ বিশ্বনাথ চাৰিআলিৰ কাৰ্য্যলয়ত দুই এখন সভা অনুষ্ঠিত কৰিয়েই দায়িত্ব সামৰি আহিছে।
বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ সৃষ্টি কৰাৰ লগতে বিজেপি চৰকাৰৰ জনবিৰোধী নীতি সমূহক তৃণমূল পৰ্য্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই প্ৰশান্ত হাজৰিকাই। কংগ্ৰেছ দলটোক নেতৃত্ব দিব পৰাকৈ কোনো ধৰণৰ অভিজ্ঞতা নথকা প্ৰশান্ত হাজৰিকাৰ দলীয় কাম কাজ,আচাৰ-ব্যৱহাৰ আৰু চাল-চলনত মুঠেও সন্তুষ্ট নহয় তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ লগতে মণ্ডল আৰু ব্লক পৰ্যায়ৰ বহু নেতা-কৰ্মী।
জিলাখনৰ বুথ কমিটি, মণ্ডল কংগ্ৰেছ কমিটি, ব্লক কংগ্ৰেছ কমিটিৰ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ,সেৱা দল আদিৰ লগত সঘন যোগাযোগ স্থাপন কৰাৰ ক্ষেত্ৰতো আজিলৈকে কোনোধৰণৰ গুৰুত্ব দিয়া নাই প্ৰশান্ত হাজৰিকাই। তদুপৰি উক্ত সমিতি সমূহৰ পূৰ্ণাংগ কৰণৰ ক্ষেত্ৰতো চূড়ান্ত ভাবে ব্যৰ্থ হৈছে প্ৰশান্ত হাজৰিকা।
কেৱল মবাইল ফোনৰ জৰিয়তে ঘৰৰ পৰা দল চলাব বিচৰা এইগৰাকী বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত হাজৰিকাই বাঁহৰ মূঢ়াৰ দৰে থাকি দলীয় কাম কাজ সম্পাদন কৰাত তেওঁৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে তৃণমূল পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মী সকলে।
উল্লেখযোগ্য যে, সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত গহপুৰ বিধান সভা সমষ্টিৰ পৰা কৰ্তন হৈ বিহালী বিধান সভা সমষ্টিত চামিল চোৱা টকৌবাৰী,কাৰিবিল,নলনীবাৰী,কেঁকুৰিজান,বালিজান আৰু জালুকবাৰী গাঁও পঞ্চায়তত কংগ্ৰেছ দলৰ কোনো ধৰণৰ সাংগঠনিক তৎপৰতা নাই।
উক্ত পঞ্চায়ত কেইখনত বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰশান্ত হাজৰিকাই কংগ্ৰেছ দলটোৰ সাংগঠনিক তৎপৰতা বৃদ্ধিৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত তৃণমূল কংগ্ৰেছ কৰ্মী সকল প্ৰশান্ত হাজৰিকাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে।আজিৰ তাৰিখত উক্ত ছখন পঞ্চায়তত কংগ্ৰেছৰ সাংগঠনিক স্থিতি একেবাৰে "শূণ্য" বুলি ক'লেও ভুল বুলি কোৱা নহ'ব বুলি উল্লেখ কৰিছে নিষ্ঠাবান কংগ্ৰেছ কৰ্মী সকলে।
বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত হাজৰিকাৰ নেতৃত্বত যদি কংগ্ৰেছ দলটোৱে জিলাখনত সমাগত বিধান সভা নিৰ্বাচনত যুজঁ দিয়াৰ কথা ভাবিছে তেন্তে ই দলটোৰ বাবে যথেষ্ঠ ক্ষতিকাৰক হ'ব বুলি মন্তব্য কৰিছে ক্ষুব্ধ তৃণমূল কৰ্মী সকলে।কেৱল ইমানেই নহয় বিশ্বনাথ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিতুমণি কুৰ্মীৰো নাই কোনো ধৰণৰ সাংগঠনিক তৎপৰতা।
জিলাখনত মহিলা কংগ্ৰেছক সুসংগঠিত ভাবে আগুৱাই নিয়াত নিতুমণি কুৰ্মীয়ে কোনো ধৰণৰ সাংগঠনিক তৎপৰতা দেখুৱাব পৰা নাই। অতি আচৰিত কথা এয়ে যে জিলাখনৰ বহু মহিলা কংগ্ৰেছ কৰ্মীৰ লগতে মণ্ডল আৰু ব্লক পৰ্য্যায়ৰ মহিলা কংগ্ৰেছৰ বিষয়ববীয়াই আজিলৈকে চিনি নাপালে নিতুমণি কুৰ্মীক।
অতি আচৰিত কথা এয়ে যে-নিতুমণি কুৰ্মীৰ নেতৃত্বত জিলাখনত আজিলৈকে পূৰ্ণাংগ নহ'ল মহিলা মণ্ডল কংগ্ৰেছ কমিটি সমূহ। তদুপৰি ব্লক মহিলা কংগ্ৰেছ কমিটি সমূহৰো নাই কোনোধৰণৰ শক্তিশালী স্থিতি।
জিলাখনৰ নিষ্ঠাবান কংগ্ৰেছ কৰ্মী সকলে সংবাদ মাধ্যমৰ জৰিয়তে এই বিষয়টো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ দৃষ্টি আকৰ্ষণ কৰি অতি শীঘ্ৰে এইক্ষেত্ৰত যাবতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কঠোৰ দাবী জনাইছে।তৃণমূল পৰ্য্যায়ৰ বহু নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে প্ৰশান্ত হাজৰিকা আৰু নিতুমণি কুৰ্মীৰ নেতৃত্ব মানি নোলোৱাৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us