/asomiyapratidin/media/media_files/2025/11/17/249-2025-11-17-12-04-04.jpg)
ডিজিটেল ডেস্ক : প্ৰতিবছৰৰ দৰে এইবাৰো অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত অনুষ্ঠিত হৈছে চেৰী ব্ল'জম মহোৎসৱ । য'ত বিশ্বৰ বহু তাৰকা শিল্পীয়ে পৰিৱেশন কৰিছে সংগীতানুষ্ঠান ।
উক্ত অনুষ্ঠানটিলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন হৈছে । একেটা অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে শিল্পী জুবিন গাৰ্গক । সংগীতৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীক ।
উল্লেখ্য যে ৰাজধানী শ্বিলঙত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই চেৰী ব্ল'জম মহোৎসৱ । শনিবাৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ফেষ্টিভেলত আয়োজিত সংগীতানুষ্ঠানৰ মঞ্চত কণ্ঠশিল্পী জুবলী বৰুৱা, প্ৰিয়ংকা ভৰালী, অৰূপজ্যোতি বৰুৱা আৰু প্ৰবীণ বৰাই গীত পৰিৱেশন কৰে ।
চাৰিওগৰাকী কণ্ঠশিল্পীয়ে একেলগে জুবিন গাৰ্গৰ "মায়াবিনী ৰাতিৰ বুকুত" শীৰ্ষক কালজয়ী গীতটোৰ লগতে কেইবাটাও গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ১৪ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত চেৰী ব্ল'জম ফেষ্টিভেলৰ শনিবাৰে সামৰণি পৰে ।
উল্লেখ কৰা প্ৰয়োজন যে দুদিনীয়াকৈ আয়োজিত এই ফেষ্টিভেলত আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলৰ লগতে স্থানীয় শিল্পীসকলেও গীত পৰিৱেশন কৰাৰ লগতে ৰাজ্যখনৰ সংস্কৃতিক বিশ্বৰ প্ৰেক্ষাপটত উজলাই তোলে। লগতে পৰ্যটন, কর্মসংস্থান আৰু অৰ্থনৈতিক বিকাশৰ নতুন দিশ মুকলি কৰে ।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই ফেষ্টিভেলত বলীউডৰ শিল্পী নোৰা ফাতেহী, বিশ্ববিখ্যাত বেণ্ড 'দ্য স্ক্ৰিপ্ট', পপ চুপাৰষ্টাৰ জেছন ডেৰুলো, আন্তঃৰাষ্ট্ৰীয় পপ আইকন একুৱা, বিশ্ববিখ্যাত ডি জে ডিপ্লোই অনুষ্ঠান পৰিৱেশন কৰিছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us