নৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি এপিটাইছিয়া লাৰ্নিং হাবৰ

এপিটাইছিয়া লাৰ্নিং হাবত অধ্যয়ন ছাত্র-ছাত্ৰীক লৈ শিক্ষক শিক্ষয়িত্ৰীসকলে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
AP WEB zg

ডিজিটেল সংবাদ,গহপুৰঃএপিটাইছিয়া লাৰ্নিং হাব গহপুৰৰ এক অন্যতম শৈক্ষিক প্ৰতিষ্ঠান। পদাৰ্থ বিজ্ঞান বিভাগৰ শিক্ষক নৱদীপ শইকীয়া আৰু গণিত বিষয়ৰ শিক্ষয়িত্ৰী উপমা মহন্তৰ নেতৃত্বত পৰিচালিত এই এপিটাইছিয়া লাৰ্নিং হাবে বিজ্ঞান আৰু গণিত বিষয়ৰ প্ৰতি ছাত্র-ছাত্ৰী সকলক অধিক আগ্ৰহী কৰি তুলিবলৈ গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ।

উল্লেখ্য যে এই এপিটাইছিয়া লাৰ্নিং হাবত অধ্যয়ন কৰা অৰ্ধশতাধিক ছাত্র-ছাত্ৰীক লৈ শিক্ষক নৱদীপ শইকীয়া আৰু শিক্ষয়িত্ৰী উপমা মহন্তই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, নৱপ্ৰজন্মৰ হিয়াৰ আমঠু  জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিশ্বনাথ চাৰিআলিৰ পাভৈ ডিজিটেল চিনেমা হ'লত জুবিন গাৰ্গৰ অন্তিম চিনেমা ৰৈ ৰৈ বিনালে উপভোগ  কৰে। 

তাৰোপৰি জয় জুবিন দা,জাষ্টিছ ফৰ জুবিন গাৰ্গ,উই লাভ জুবিন গাৰ্গ আদি শ্ল'গান সম্বলিত বেনাৰ হাতে হাতে লৈ যোৱা এপিটাইছিয়া লাৰ্নিং হাবৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰী সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্ত আৰু ন্যায়ৰ কামনা কৰাও পৰিলক্ষিত হয়। 


আনফালে জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিবলৈ এপিটাইছিয়া লাৰ্নিং হাবে সদায় আন্তৰিকতাৰে কাম কৰি যাব বুলি উল্লেখ কৰাৰ লগতে চিনেমা উপভোগ কৰাৰ পিছত তেওঁলোকে গুপ্তকাশী বিশ্বনাথ ঘাটৰ নান্দনিক দৃশ্যও উপভোগ কৰে।

গহপুৰ জুবিন গাৰ্গ