/asomiyapratidin/media/media_files/2025/09/23/fdfdfdfd-2025-09-23-20-28-49.jpg)
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ কলম্বোস্থিত স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত মঙলবাৰে কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৰণত অনুষ্ঠিত কৰা হয় বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত শ্ৰীলংকাৰ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচন (ICCR)-এ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/23/whatsapp-imag-2025-09-23-20-29-19.jpeg)
ICCR-এ শিল্পীগৰাকীৰ অকাল মৃত্যুক সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। শিল্পীগৰাকীৰ মায়াসনা সুৰবোৰ জনতাৰ হৃদয়ত চিৰদিন জীয়াই থাকিব বুলিও কৰে মন্তব্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/23/whatsapp-imag-2025-09-23-20-29-35.jpeg)
উল্লেখ্য যে, ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচন(ICCR) ভাৰত চৰকাৰৰ এক স্বায়ত্তশাসিত সংস্থা ৷ এই সংস্থাটো ভাৰতৰ বিশ্বব্যাপী সাংস্কৃতিক সম্পৰ্কৰ সৈতে জড়িত ৷ অনুষ্ঠানত স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক/সচিব অধ্যাপক অংকুৰণ দত্ত উপস্থিত থাকি জুবিন গাৰ্গৰ সংগীতৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us