/asomiyapratidin/media/media_files/2025/09/20/369-2025-09-20-02-10-09.jpg)
ডিজিটেল ডেস্ক : আজি নিশা উজাগৰে আছে বহু জুবিন অনুৰাগী। ফেঁকুৰি ফেঁকুৰি আঁঠুত মূৰ গুজি কান্দিছে আৰু কান্দিছে। কাষত বাজি আছে মায়াবিনী ৰাতিৰ বুকুত...।
জুবিন গাৰ্গৰ ফোটখনলৈ চাই চাই হুকহুকাই কান্দিছে তেওঁলোকে। কিয়নো প্ৰাণৰ শিল্পীগৰাকী যে এতিয়া আৰু এই ধৰাত নাই। মাত্ৰ ৫২ বছৰ বয়সতে বিদায় মাগিলে জুবিন গাৰ্গে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/20/wha-2025-09-20-02-10-47.jpeg)
গুৱাহাটী মহানগৰীৰ জু-ৰোড, গণেশগুৰি, এ আই ডি চি আদিত স্থানত অশ্ৰুসিক্ত নয়নেৰে অনুৰাগীসকলে জুবিন গাৰ্গলৈ জনাইছে শ্ৰদ্ধাঞ্জলি ৷ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শেষ শ্ৰদ্ধা নিবেদন কৰিছে স্থানীয় জনতাই ৷
তাৰোপৰি গণেশগুৰিত একাংশ ৰাইজেই জুবিন গাৰ্গৰ বিশাল ফটোলৈ বাহিৰ কৰিছে সমদল। জয় জুবিনদা ধ্বনিৰে মাজনিশা মুখৰিত হৈ পৰিছে গুৱাহাটীৰ আকাশ- বতাহ। কান্দি কান্দি অনুৰাগীসকলে ভগা ভগা মাতেৰে গাই গৈছে অমানিশা সাৰে আছে আদি জনপ্ৰিয় গীতবোৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us