/asomiyapratidin/media/media_files/2025/10/15/531-2025-10-15-13-55-47.jpg)
ডিজিটেল সংবাদ, সোণাপুৰ : অসম গণ পৰিষদৰ ডিমৰীয়া বিধান পৰিষদৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বুধবাৰে সোণাপুৰৰ মিনি ষ্টেডিয়ামৰ প্ৰাংগণত হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সোণাপুৰ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, নাম-কীৰ্ত্তন, ভাগৱত পাঠ,জিকিৰ আদি ধৰ্মীৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে আয়তীসকলৰ দ্বাৰা দিহানাম পৰিৱেশিত হয়। অনুষ্ঠানত অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ড৹ তপন দাস, সংগীত শিল্পী দিগন্ত ভাৰতী, ডিমৰীয়া ৰজা হলি সিং ৰংহাঙকে মুখ্য কৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াউপস্থিত থাকি মৰমৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
আনহাতে প্ৰাণৰ শিল্পীগৰাকীৰ পবিত্ৰ স্মৃতিত নাহৰৰ পুলি ৰোপন কৰে গীতিকাৰ, সুৰকাৰ দিগন্ত ভাৰতীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us