বৰহোলাত দল-সংগঠনৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত হৈছে প্ৰতিগৰাকী অসমীয়া ৷ বৰহোলা কলাকুঞ্জ ভৱনৰ প্ৰাংগনত কেইবাটাও দল- সংগঠনে শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে।

author-image
Asomiya Pratidin
New Update
414

ডিজিটেল সংবাদ,ঘিলাধাৰী : অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত হৈছে প্ৰতিগৰাকী অসমীয়া ৷ বৰহোলা কলাকুঞ্জ ভৱনৰ প্ৰাংগনত কেইবাটাও দল- সংগঠনে শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে।

তিতাবৰ মইনা পাৰিজাত,বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম শিশু ভাওনা উদযাপন সমিতি-বৰহোলা, বৰহোলা সেউজী কানন সাহিত্য সভা, বৰহোলা আঞ্চলিক মইনা পাৰিজাতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। একেদৰে বৰহোলা কবি সন্মিলন আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ উদ্যোগত আৰু বৰহোলাবাসীৰ সহযোগত বৰহোলা কলাকুঞ্জত প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷

শিল্পীগৰাকীৰ আত্মাৰ সদগতি অৰ্থে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় ৷  

জুবিন গাৰ্গ