চলচ্চিত্ৰ পৰিচালক তিম'থী দাস হাঞ্চেৰ বিয়োগত ভিন ভিন দল-সংগঠনৰ শোক

দেওবাৰে জনপ্ৰিয় অসমীয়া বোলছবি "পলে পলে উৰে মন",‌ "জীৱন বাটৰ লগৰী"ৰ পৰিচালক তথা প্ৰয়োজক, বিশিষ্ট গীতিকাৰ তিম'থী দাস হাঞ্চে জীৱন নাট সামৰে‌। ‌উল্লেখ্য যে জুবিন গাৰ্গে কণ্ঠ নিগৰোৱা "যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে/আশাৰ চাকিটি উমি উভতি জ্বলে..." শীৰ্ষক গীতৰ গীতিকাৰ আছিল তিম'থী দাস হাঞ্চে।

author-image
Asomiya Pratidin
New Update
441

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে জনপ্ৰিয় অসমীয়া বোলছবি "পলে পলে উৰে মন",‌ "জীৱন বাটৰ লগৰী"ৰ পৰিচালক তথা প্ৰয়োজক, বিশিষ্ট গীতিকাৰ তিম'থী দাস হাঞ্চে জীৱন নাট সামৰে‌। ‌উল্লেখ্য যে জুবিন গাৰ্গে কণ্ঠ নিগৰোৱা "যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে/আশাৰ চাকিটি উমি উভতি জ্বলে..." শীৰ্ষক গীতৰ গীতিকাৰ আছিল তিম'থী দাস হাঞ্চে।

সাংস্কৃতিক জগতৰ অগ্ৰণী ব্যক্তিগৰাকীৰ হাঞ্চেৰ বিয়োগত ভিন ভিন দল-সংগঠনে‌ গভীৰ শোক প্ৰকাশ কৰে। এক শোক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "আমি এগৰাকী সমন্বয়ৰ প্ৰতীক, সংস্কৃতিৰ পূজাৰীক হেৰুৱালোঁ।"

বোলছবি পৰিচালক হাঞ্চেৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন -দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব ড০ অসমী গগৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সদৌ অসম নিবনুৱা পৰিষদৰ সভাপতি দ্বিজেন কামান, পৰাগজ্যোতি প্ৰকাশন, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী ডিজেন কাকতি, বিশিষ্ট চিন্তাবিদ বাসুদেৱ মালী প্ৰভৃতিয়ে গভীৰ শোক প্ৰকাশ কৰে।

প্ৰতি দল-সংগঠনে হাঞ্চেৰ বিদেহ‌ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক -সন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰভাৱে সমবেদনা জ্ঞাপন কৰে। 

ছবি পৰিচালক