/asomiyapratidin/media/media_files/2025/09/19/z-lachit-2025-09-19-19-19-58.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গ আৰু নাই। শুকুৰবাৰে ছিংগাপুৰত অকাল মৃত্যুক আঁকোৱালি ল'লে শিল্পীগৰাকীয়ে। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত এতিয়া শোকে- তাপে ম্ৰিয়মান হৈ পৰিছে অসমবাসী। কাৰোৰে মনত নাই শাৰদীয় আনন্দ- উল্লাস। নিমিষতে থান-বান হৈ গ'ল সকলোৰে মন !
শিল্পীগৰাকীৰ বিয়োগত স্তব্ধ হৈ পৰিছে অনুৰাগী তথা গুণমুগ্ধসকল। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পীগৰাকীৰ প্ৰতি জনাইছে শ্ৰদ্ধাঞ্জলি। গুৱাহাটী মহানগৰীৰ লাচিত সংঘৰ উদ্যোগত কৰ্মকৰ্তাসকলেও আয়োজন কৰিছে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। এই শ্ৰদ্ধঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পোনতে বন্তি প্ৰজ্বলন কৰে সংঘৰ সভাপতি কল্যাণ দত্তই।
ইয়াৰ পাছতে উপস্থিত সদস্য- সদস্যাসকলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু চাকি-বন্তি জ্বলাই শেষ শ্ৰদ্ধা নিবেদন কৰে। একেদৰে শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই ১ মিনিট সময় মৌন প্ৰাৰ্থনাও কৰে লাচিত সংঘৰ কৰ্মকৰ্তাকে ধৰি সদস্যসকলে।
জুবিন গাৰ্গৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি। এনে শিল্পী অতি বিৰল বুলি মন্তব্য কৰে উদ্যোক্তাসকলে। অনুষ্ঠানৰ আঁত ধৰে সদস্য অতুল্য মাধৱ গোস্বামীয়ে।