ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যালয়ত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

শনিবাৰে ধুুবুৰী চহৰৰ ১ নং ৱাৰ্ডস্থিত ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যালয়ত  শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনাৰে বন্তি প্ৰজ্বলন আৰু মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

author-image
Asomiya Pratidin
New Update
376

ডিজিটেল সংবাদ, ধুবুৰী : অসমীয়া জাতিৰ হিয়াৰ আমঠু, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ধুবুৰী চহৰবাসী ৰাইজ। শনিবাৰে ধুুবুৰী চহৰৰ ১ নং ৱাৰ্ডস্থিত ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যালয়ত  শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনাৰে বন্তি প্ৰজ্বলন আৰু মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কৰ্ম-কৰ্তাসকলৰ উপৰি স্থানীয় শিল্পী তথা ৰাইজে প্ৰিয় কণ্ঠশিল্পী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে বন্তি প্ৰজ্বলন , প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জুবিন গাৰ্গ