তেলিয়াআটিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ পালন

সন্ধিয়াৰ ভাগত অমৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে স্থানীয় শিল্পী ৰাজেন বৰাই। ইয়াৰ পিছতে গাঁৱৰ প্ৰতিঘৰ লোকৰ পদুলিয়ে পদুলিয়ে এগছিকৈ বন্তুি প্ৰজ্বলন কৰা হয় । একেদৰে ভাগৱত পাঠ, নাম -কীৰ্তন আদি অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
507

ডিজিটেল সংবাদ, কামপুৰ : অসমীয়াৰ প্ৰাণৰ শিল্পী জুৱিন গাৰ্গ সকলোৰে বুকু উদং কৰি ঘূৰি নহা দেশলৈ গুচি যোৱা এমাহেই হ'বৰ হ'ল । অসমীয়াৰ হিয়াৰ আঁমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ বিয়োগত সমগ্ৰ অসমৰ জনগণ আজিও মৰ্মাহত।

এইখিনি সময়তে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা জনাই নগাঁৱৰ কামপুৰৰ তেলিআটি গাঁৱৰ ৰাইজে সম্পূৰ্ণ ধৰ্মীয় ৰীতি -নীতিৰ মাজৰে দেওবাৰৰ নিশা ভাগত শ্ৰদ্ধাঞ্জলি  অনুষ্ঠানৰ আয়োজন কৰে । তেলিয়াটি গাঁৱৰ নাৰায়ন পুথিভড়ালৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধৰ আয়োজন কৰে।

জুবিন গাৰ্গ