/asomiyapratidin/media/media_files/2025/09/14/123469-2025-09-14-14-53-34.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ যোৱা ৩ ছেপ্টেম্বৰত নিজা বাসভৱনত পৰলোক ঘটে। ভোগেশ্বৰ বৰাই লংকা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়, শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী বিষয় শিক্ষক হিচাপে শিক্ষকতা কৰি পাছত চৰকাৰী মোটা অংকৰ দৰমহা ত্যাগ কৰি ১৯৮৯ চনত নিজৰ গাঠিৰ ধন ভাঙি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।
ইফালে তেওঁ ২০০০ চনৰ পৰা ২০০৬ চনলৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি সেৱা আগবঢ়াইছিল। ভোগেশ্বৰ বৰা সৰলমনৰ, মৃদুভাষী, সৰবৰহী, মেধাসম্পন্ন বৃহতব অঞ্চলটোৰ সকলোৰে প্ৰিয় শিক্ষাগুৰু। আজি তেখেতৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু দুখনি স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয়।
প্ৰয়াত ভোগেশ্বৰ বৰাৰ পবিত্ৰ স্মৃতিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ নমিতা কলিতাৰ সম্পাদনাত "বটবৃক্ষ" আৰু সোণালী হাজৰিকা ভৰালীৰ সম্পাদনাত "সোঁৱৰণি" শীৰ্ষক দুখনি গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰাঞ্জল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত অংশগ্ৰহন কৰি বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধক্ষ্যা ড০ নমিতা কলিতাই "ছাৰৰ দৰে এগৰাকী বিশাল ব্যক্তিত্বৰ অধিকাৰীক আমি ইমান সোনকালে হেৰুৱাম বুলি ভাবিব পৰা নাছিলো। আমাৰ মাজত ছাৰ সদায় জীয়াই থাকিব।" বুলি প্ৰকাশ কৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ বৰা, সোণালী হাজৰিকা, প্ৰয়াত ভোগেশ্বৰ বৰাৰ পত্নী পুস্পলতা ভৰালী বৰা, পুত্ৰ শান্তনু নন্দন বৰা, জোৱাই নিতুমণি কলিতাকে আদি কৰি পৰিয়াল, ইষ্ট-কুটুম, বটদ্ৰৱা অঞ্চলৰ ৰাইজ উপস্থিত থাকে।