/asomiyapratidin/media/media_files/2025/09/23/408-2025-09-23-18-23-46.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ মক্ৰং পঞ্চায়তৰ অন্তৰ্গত মক্ৰং চাহ বাগিচাত মঙলবাৰে চাহ মজদুৰ সংঘ আৰু মক্ৰং চাহ বাগিচাৰ ৰাইজৰ উদ্যোগত মক্ৰং চাহ বাগিচাৰ দুৰ্গা মন্দিৰ খেলপথাৰত সংগীত জগতৰ নক্ষত্ৰ - যুৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হয়।
ইয়াৰ পাছতে সমূহ ৰাইজে বাগিচাখনৰ কেইবা কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি এক বৃহৎ সমদল বাহিৰ কৰে। অনুষ্ঠানত মক্ৰং চাহ মজদুৰ সংঘ, বাগিচা কৰ্তৃপক্ষ,কৰ্মচাৰী, উপকৰ্মচাৰী, শ্ৰমিক, আটছাৰ লগতে সমূহ ৰাইজে বাগিচাৰ কাম বন্ধ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। সমদলৰ অন্তত ৰাইজে জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা কৰে।