/asomiyapratidin/media/media_files/2025/09/20/373-2025-09-20-15-10-53.jpg)
ডিজিটেল সংবাদ, ধেমাজি : অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ধেমাজি জিলাতো গভীৰ শোকৰ ছাঁ পেলাইছে ৷ শুকুৰবাৰে বিয়লি ছিংগাপুৰত শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগেই ধেমাজি নগৰৰ দোকান, বজাৰ সকলো বন্ধ হৈ পৰে ৷
সন্ধিয়ালৈ ধেমাজি আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অঞ্চলটোৰ ৰাইজৰ উপস্থিতত থানা চাৰিআলিৰ শ্বহীদ উদ্যান প্ৰাংগনত শিল্পীগৰাকীলৈ ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানত উপস্থিত ৰাইজে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি এখনি শ্ৰদ্ধাঞ্জলি সভাও অনুষ্ঠিত কৰে ৷
সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিপক শৰ্মাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি সভাত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱা, মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ তথা বিশিষ্ট কণ্ঠশিল্পী ড° বনজিত ভট্ট , ধেমাজি চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক গোহাঁইয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ সমবেদনা জনায় ৷ একে সময়তে থানা চাৰিআলিতে বীৰ লাচিত সেনা, অসম ধেমাজি জিলা সমিতিৰ উদ্যোগতো এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি মৰমৰ শিল্পী জুবিনদা অমৰ হওঁক ধ্বনিৰে শ্ৰদ্ধাঞ্জলি জনায় ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বীৰ লাচিত সেনা, অসম ধেমাজি জিলা সমিতিৰ সভাপতি যাদৱ নাথে মৰমৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ এই গৰাকী ব্যৱসায়ী শ্যামকানু মহন্তই নৰ্থ- ইষ্ট ফেষ্টিভেল, ছিংগাপুৰৰ উদ্যোক্তা হোৱাৰ পিছতো কিয় শিল্পীগৰাকীৰ প্ৰতি কোনো গুৰত্ব নিদিলে ৷
বিশেষকৈ এই ফেষ্টিভেল অসমত অনুষ্ঠিত নকৰি ছিংগাপুৰত কিয় ? কেৱল শ্যামকানু মহন্তই নিজৰ ব্যৱসায় লাভালাভৰ বাবেই আমি অসমৰ সম্পদ হেৰুৱালো ৷ জুবিনদা এজন অসুখীয়া লোক বুলি মহন্তই ভালকৈ জনাৰ পিছতো কিয় তেওঁৰ প্ৰতি অলপো দায়িত্ববোধৰ চিন্তা নকৰিলে ৷ যিদৰে শিল্পীগৰাকীক ছিংগাপুৰলৈ লৈ গৈছিল, সেইদৰে দায়িত্বগ্ৰহন কৰাও উচিত আছিল বুলি শ্যামকানু মহন্তক লাচিত সেনাৰ বিষয়ববীয়াগৰাকীয়ে প্ৰশ্ন কৰে।
আনহাতে ধেমাজি নগৰৰ ৰাজহচক্ৰ বিষয়া কাৰ্য্যালয়ৰ সন্মুখৰ গড়কাপ্তানি ঘাইপথৰৰ ওপৰতেই সন্ধিয়া অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্বল চুতীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি ভৱেন শালৈ, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰতন কছাৰী, জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সভাপতি সঞ্জীৱ চেতিয়াকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ইফালে ধেমাজি প্ৰেছ ক্লাবৰ সাংবাদিকসকলেও শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ একেদৰে ধেমাজি নগৰৰ মাজমজিয়ালৈ জুবিনৰ শতাধিক অনুৰাগীয়ে হাতে- হাতে একোডাল কৈ মমবাতি লৈ ওলাই আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷