সূত্ৰধাৰ ২০২৫ৰ অভ্যৰ্থনা সমিতিৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত বটদ্ৰৱা থানত যোৱা ৫, ৬ আৰু ৭ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে সূত্ৰধাৰ ২০২৫ শীৰ্ষক অনুষ্ঠান ভাগ সফলতাৰে সমাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
499

ডিজিটেল সংবাদ,বটদ্ৰৱা : কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত বটদ্ৰৱা থানত যোৱা ৫, ৬ আৰু ৭ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে সূত্ৰধাৰ ২০২৫ শীৰ্ষক অনুষ্ঠান ভাগ সফলতাৰে সমাপন কৰা হয়। উক্ত সূত্ৰধাৰ ২০২৫ ৰ অভ্যৰ্থনা সমিতিৰ দ্বাৰা আজি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু উক্ত সূত্ৰধাৰ অনুষ্ঠানত অংশ গ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে এটি নাহৰ ফুলি ৰোপণ কৰা হয়। পাছত দিলীপ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণি ভাষণ প্ৰদান কৰে গিৰিশ বৰাই।

গিৰিশ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত কেইবাগৰাকী বক্তাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন সূত্ৰধাৰ ২০২৫ অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পণ্ডিত, গৱেষক, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সন্ত মহন্তসকলৰ সানিধ্যৰ মধুৰ স্মৃতি সোঁৱৰণ কৰি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

লগতে ভবিষ্যত প্ৰজন্মৰ বাবে গুৰুজনাৰ আদৰ্শ, চিন্তা, দৰ্শন চৰ্চাৰ বাবে এনে অনুষ্ঠান পোনৰ বটদ্ৰৱা অনুষ্ঠিত কৰাৰ পোষকতা কৰে। শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উপসভাপতি অতুল মহন্ত, সম্পাদক ইন্দ্ৰমোহন বৰুৱা, তুৱাৰাম বৰুৱা, সবিতা বৰা, মহেন্দ্ৰ বৰুৱাকে আদি কৰি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিৰ শেষত সূত্ৰধাৰ ২০২৫ ৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক জগন্নাথজ্যোতি বৰাই শলাগৰ শৰাই আগবঢ়ায়।

জুবিন গাৰ্গ