/asomiyapratidin/media/media_files/2025/10/19/new-ap-web-zubeen-2025-10-19-15-39-47.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জুবিনবিহীন এটা মাহ ৷ এমাহ উপলক্ষে ৰঙাপৰাত অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জুবিন অনুৰাগীয়ে ৰোপন কৰিলে নাহৰ পুলি ৷
ৰঙাপৰাৰ বিদ্যালয় নামঘৰ মঠ মন্দিৰ সকলো স্থানতে ৰোপন কৰিব শিল্পী জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ পুলি ৷ জুবিন গাৰ্গে প্ৰকৃতিক ভাল পাইছিল, গছ গছনি ভাল পাইছিল, যাৰ বাবে সমগ্ৰ ৰঙাপৰাতে নাহৰ গছ ৰোপনৰ পৰিকল্পনা কৰিছে ৰঙাপৰাৰ জুবিন অনুৰাগীসকলে ৷
এটা মাহ উকলি যোৱাৰ পাছতো ন্যায় লাভ নকৰাত দুখ প্ৰকাশ কৰি ৰঙাপৰাৰ জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ন্যায় বিচাৰিছে ৷ এই মৃত্যুৰ বাবে দায়ী সকলৰ কঠোৰ শাস্তিৰ দাবী জনায় ৷