/asomiyapratidin/media/media_files/2025/10/17/549-2025-10-17-18-18-26.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা সচেতন যুৱ সংঘৰ সৌজন্যত অহা ১৯ অক্টোবৰত অসমীয়াৰ হিয়াৰ আমঠু তথা অমৃত কণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে । শিল্পীগৰাকীৰ মৃত্যুৰ সম্পূৰ্ণ এমাহ সম্পূৰ্ণ হোৱা দিনটোতে অনুষ্ঠিত হ'বলগীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পুৱা ১০ বজাত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি অৰ্পণৰ পাছত দুপৰীয়া ১ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
"জুবিনৰ জীৱন আৰু গান" শীৰ্ষক কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব সাংবাদিক তথা জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই। প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলক নগদ ধন আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হ'ব।
বিয়লি ২ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিয়লি তিনি বজাত "জুবিন গাৰ্গৰ গীত, কবিতা, প্ৰবন্ধ, চলচ্চিত্ৰ" শীৰ্ষক সাহিত্য আলোচনা অনুষ্ঠিত কৰা হ'ব। সাংবাদিক তথা কবি কন্দৰ্প কুমাৰ কলিতাই পৰিচালনা কৰিবলগীয়া সাহিত্য আলোচনাৰ সঞ্চালনা কৰিব ইন্দ্ৰমোহন বৰুৱাই।
সন্ধিয়া গীতে মাতে জুবিন গাৰ্গক স্মৰণ অনুষ্ঠানত স্থানীয় শিল্পী বৃন্দ সমবেত হ'ব। বটদ্ৰৱা সৰুহিছা মুকলি মঞ্চত অনুষ্ঠিত হ'বলগীয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।