বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসমী আইৰ বুকু শুদা কৰি মঙলবাৰে পঞ্চভূতত বিলীন হ'ল অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গ। সুৰৰ মায়া এৰি লাখ লাখ অনুৰাগীক শোকৰ সাগৰত পেলাই আজি কায়িকভাৱে ধৰাৰ বুকুৰ পৰা অন্তিম বিদায় ল'লে সুৰৰ সম্প্ৰাট জুবিন গাৰ্গে।

author-image
Asomiya Pratidin
New Update
407

ডিজিটেল সংবাদ, ছয়দুৱাৰ : অভূতপূৰ্ব-অভাৱনীয় জনসমূদ্ৰৰ মাজত অসমী আইৰ বুকু শুদা কৰি মঙলবাৰে পঞ্চভূতত বিলীন হ'ল অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গ। সুৰৰ মায়া এৰি লাখ লাখ অনুৰাগীক শোকৰ সাগৰত পেলাই আজি কায়িকভাৱে ধৰাৰ বুকুৰ পৰা অন্তিম বিদায় ল'লে সুৰৰ সম্প্ৰাট জুবিন গাৰ্গে।

অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,শোক সমদল ইত্যাদি।

গহপুৰ সমজিলাৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে শোক সভা,শোক সমদল,স্মৃতিচাৰণ সভা,শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদি।বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলত বিদ্যালয় কৰ্তৃপক্ষই একাংশ শিক্ষাৰ্থী আৰু শিক্ষকক লৈ আজি অনুষ্ঠিত কৰে জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়াৰ সময়তে অনুষ্ঠিত হোৱা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিক্ষক আৰু শিক্ষাৰ্থী সকলে একেলগে পৰিৱেশন কৰে জুবিন গাৰ্গে তেওঁৰ মৃত্যুৰ সময়ত গাবলৈ কৈ থৈ যোৱা মায়াবিনী ৰাতিৰ বুকুত / দেখা পালো তোমাৰ ছবি... শীৰ্ষক গীত।

জুবিন গাৰ্গৰ চিতাৰ জুই জ্বলি থকা সময়ত বিদ্যালয়খনৰ উপস্থিত শিক্ষক আৰু শিক্ষাৰ্থীসকলে গীতটো পৰিৱেশন কৰাৰ সময়ত এক আবেগিক পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানটোৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা,অধ্যক্ষ দীনেশ কুমাৰ কেচি,শিক্ষক জীৱন ঢুংগানা আৰু অপূৰ্ব সিংহই।

ইয়াৰ পিছতে শিক্ষাৰ্থী সকলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানটোত জুবিন গাৰ্গৰ ব্যক্তিত্ব, জাতীয়তাবোধ আৰু শৈল্পিক সত্তাৰ ওপৰত আলোকপাত কৰে যাদৱ চলিহা, দীনেশ কুমাৰ কেচি আৰু অপূৰ্ব সিংহই।

যাদৱ চলিহাই পৰিৱেশন কৰা এটি বৰগীতেৰে সামৰণি মৰা অনুষ্ঠানটোত শিক্ষক ৰবীন্দ্ৰ কাকতি, বিজয় বৰাই সহযোগিতা আগবঢ়ায় ।

জুবিন গাৰ্গ