জনজাতিকৰণ হ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্থ হ'ব: খাম্ফা বৰগয়াৰী

ৰণোজ পেগু আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক মহান নেতা বুলি কটাক্ষ কৰি খাম্ফা বৰগয়াৰীয়ে কয় যে ইয়াৰ এজনে সদনত প্ৰতিবেদন দাখিল কৰিছে আৰু আন এজনে প্ৰতিবেদন ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ   "ট্ৰাইবেলে বিদ্ৰোহ কৰিছে, কিন্তু এই বিদ্ৰোহ ছয় জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বৰ্তমানৰ ট্ৰাইবেল সকলৰ সা-সুবিধা-অধিকাৰ ক্ষতি হ'ব নেকি তাক লৈ শংকাত ভূগিহে বিদ্ৰোহ কৰিছে।" এই মন্তব্য কৰিছে বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী তথা বৰ্তমানৰ ইউপিপিএল দলৰ নিৰ্বাচিত পাৰিষদ খাম্ফা বৰগয়াৰীয়ে। 

আজি বিটিচিৰ শীতকালীন অধিবেশনৰ অন্তত খাম্ফা বৰগয়াৰীয়ে এক সংবাদমেলত অংশগ্ৰহণ কৰি উক্ত মন্তব্য কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে কৰবাত নহয় কৰবাত বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্থ হ'ব। নাম উল্লেখ নকৰাকৈ মন্ত্ৰী ৰণোজ পেগু আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক মহান নেতা বুলি কটাক্ষ কৰি খাম্ফা বৰগয়াৰীয়ে কয় যে ইয়াৰ এজনে সদনত প্ৰতিবেদন দাখিল কৰিছে আৰু আন এজনে প্ৰতিবেদন ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে।

সংসদত বিল হিচাপে উত্থাপন হলে সংসদীয় নিয়মানুসৰি মতেহে বিল উত্থাপিত হ'ব আৰু অসম চৰকাৰে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱ ভাৰত চৰকাৰে গ্ৰহণ কৰিব বুলি মন্তব্য কৰি খাম্পা বৰগয়াৰীয়ে কয় যে জনজাতিসকলৰ মাজত কোনো এ বা বি কেটেগৰী নাথাকে।

এচ টি , এচটিয়েই বুলি মন্তব্য কৰি  ভি ,এইচ , পি মতে সংসদত  কেটেগৰী নকৰিব বুলি মন্তব্য কৰি বৰগয়াৰীয়ে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হলে বৰ্তমানৰ জনজাতিসকলৰ ৰাজনৈতিক, শৈক্ষিক , সামাজিক বা সংৰক্ষণৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত আঘাত হানিব বা ক্ষতি হ'ব ।

অনাগত সময়ছোৱাত জনজাতিসকলে নিজৰ ভাষা , সংস্কৃতি , কলা-কৃষ্টি, পৰম্পৰা জীয়াই ৰখাৰ ক্ষেত্ৰত কঠিনতাৰ সন্মুখীন হ'ব লাগিব আৰু সেয়েহে এতিয়াৰ পৰা অধিকাৰসমুহ কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ চিন্তা চৰ্চা কৰাটো ভাল। এইক্ষেত্ৰত জনজাতি সমাজে আশাৰে হাগ্ৰামা মহিলাৰীৰ মুখলৈ চাই আছে আৰু সেয়েহে হাগ্ৰামা মহিলাৰীয়ে ছাত্ৰ সংগঠন, জনজাতি সমাজৰ লগত আলোচনা কৰিলে ভাল ফলাফল আহিব পাৰে বুলি মন্তব্য কৰে বৰগয়াৰীয়ে।

আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত বিটিচি বিধান পৰিষদ ভৱনত আক্ৰমনৰ ঘটনাৰ সতে ইউপিপিএল দলৰ কোনো সম্পৰ্ক নাই আৰু এয়া ছাত্ৰ্ৰ-ছাত্ৰীৰ স্বতস্ফুৰ্ত প্ৰতিবাদ বুলি মন্তব্য কৰিছে খাম্ফা বৰগয়াৰীয়ে উক্ত ঘটনাৰ আঁৰত তৃতীয় , চতুৰ্থ , পঞ্চম পক্ষও জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে । 

ইউপিপিএল