মানি লোৱা নহ'ব ছয় জনগোষ্ঠীক জনজাতিকৰণঃ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ

কোকৰাঝাৰ, তামুলপুৰ, মুছলপুৰ, ছিডলী, ওদালগুৰিত ভালে কেইটা জনজাতীয় সংগঠনে প্ৰতিবাদ সাব্য়স্ত কৰে। শনিবাৰৰ দিনটোতো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে সচিবালয়ত প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

author-image
Asomiya Pratidin
New Update
AP WEB 1 (6)

ডিজিটেল ডেস্কঃ  পঞ্চদশ অসম বিধানসভাৰ চলিত অধিবেশনৰ অন্তিম দিনা অৰ্থাত শনিবাৰে সদনত ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্রী ডা০ ৰণোজ পেগুৱে ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্রী গোটৰ প্ৰতিবেদন দাখিল কৰে।

এই প্রতিবেদনক লৈ বিৰোধী পক্ষই আলোচনা হোৱাটো বিচাৰিছিল যদিও বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অনুমতি প্রদান নকৰে আৰু সদন অনির্দিষ্ট কাললৈ স্থগিত বুলি ঘোষণা কৰে। প্রতিবেদন অনুসৰি অসমৰ জনজাতিসকলক ৩ টা ভাগত বিভক্ত কৰা হয়।

আগৰে পৰা থকা ভৈয়াম জনজাতি আৰু পার্বত্য জনজাতিৰ লগত উপত্যকা জনজাতি সংযোগ কৰা হৈছে। সেই অনুসৰি ছয় জনগোষ্ঠীৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকল, মৰাণ, আৰু মটকসকলৰ ভৈয়াম জনজাতি হিচাপে স্বীকৃতি দিয়াৰ প্রস্তাব দিয়া হয়।

আনহাতে, আহোম, চুতীয়া, আদিবাসী চাহ জনগোষ্ঠী আৰু অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ ৰাজবংশীসকলক উপত্যকা জনজাতি হিচাপে স্বীকৃতি দিয়াৰ মন্ত্রীগোটে প্রস্তাব দিয়ে। 

ইফালে প্ৰতিবেদন দাখিলৰ পিছতেই ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।কোকৰাঝাৰ, তামুলপুৰ, মুছলপুৰ, ছিডলী, ওদালগুৰিত ভালে কেইটা জনজাতীয় সংগঠনে প্ৰতিবাদ সাব্য়স্ত কৰে। শনিবাৰৰ দিনটোতো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে সচিবালয়ত প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আজিও ভিন্ন স্থানত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ আশংকা কৰিছে প্ৰশাসনে। বৰ্তমান জনজাতিৰ মৰ্যাদা লাভ কৰি থকা সংগঠনসমূহে দীৰ্ঘদিন ধৰি আশংকা কৰি আহিছে যে ৬টা বৃহৎ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে তেওঁলোকৰসংৰক্ষণৰ অংশ হ্ৰাস পাব আৰু ইয়াৰ ফলত তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিব।

জনজাতিকৰণ