ডিজিটেল সংবাদ , ধেমাজিঃ দেওবাৰে এদিনীয়াকৈ দিনজোৰা কাৰ্য্যসূচীয়ে ধেমাজি কাড়িচুকৰ মুৰংঘৰত অনুষ্ঠিত হোৱা জনজাতি ধৰ্ম- সংস্কৃতি সুৰক্ষা মঞ্চ ধেমাজি জিলা সমিতি সন্মিলনৰ সফল সামৰণি
পৰে ৷ কাৰ্য্যসূচী অনুসৰি পুৱা ৭ বজাত সামূহিক চাফাইৰে সন্মিলনৰ আৰম্ভণি কৰা হয়। পুৱা ৮ বজাত জনজাতি ধৰ্ম- সংস্কৃতি সুৰক্ষা মঞ্চ ধেমাজি জিলা সমিতিৰ সভাপতি একলব্য গামে সন্মিলনৰ পতাকা উত্তোলন কৰে ৷
পুৱা ১০ বজাত হাতে – হাতে বেনাৰ , পোষ্টাৰ , প্লে'ৰ্কাড লৈ সংবিধানৰ ৩৪২ অনুচ্ছেদ ২ক সংশোধন কৰক , ধৰ্ম হেৰালে সংস্কৃতি হেৰায় ,সংস্কৃতি হেৰালে পৰিচয় হেৰায় , ধৰ্মান্তৰিত ব্যক্তিক জনজাতি মৰ্যাদা বাতিল কৰক , ধৰ্মান্তৰকৰণ এক আইনী অপৰাধ , ধৰ্মান্তৰকৰণ বিৰোধী আইন প্ৰনয়ন কৰক , আমাৰ সংস্কৃতিয়েই আমাৰ পৰিচয় , ধৰ্মান্তৰকৰণ বন্ধ কৰক ইত্যাদি শ্লো'গানেৰে মিছিং , সোনোৱাল কছাৰী , বড়ো কছাৰী , ৰাভা ,হাজং জনগোষ্ঠী সকলৰ নিজা , নিজা কৃষ্টি- সংস্কৃতিৰে প্ৰায় এক সহশাধিক লোকে ধেমাজি নগৰখনত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে৷
পুৱা ১১ বজাত অনুষ্ঠিত হোৱা মুকলি সভাখনি দঃঞিঃপঃলৰ প্ৰাৰ্থনাৰে শুভাৰম্ভ হয় ৷ মুকলি সভাৰ আতঁ ধৰে শৰৎ চন্দ্ৰ দলেহে ৷ সভাত অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে দঃঞিঃপঃল য়েলাম কৗবাং অসমৰ সভাপতি ডাঃ বিদ্ধেশ্বৰ টাইদ , টাকাম মিচিং পৰিংবাঙৰ (টিএমপিকে ) ৰ অসমৰ উপদেষ্টা ইন্দ্ৰ কুমাৰ চুংক্ৰাং, অসম চৰকাৰৰ জল সম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্ত্ৰা হৰিপ্ৰসাদ মিলি , দঃঞিঃপঃল কৗবাং অসমৰ সাধাৰণ সম্পাদক মূলাকান্ত পেগু আৰু হাজং ছাত্ৰ সন্হাৰ প্ৰাক্তন উপদেষ্টা তথা সমাজ সেৱক জহেন্দ্ৰ হাজঙে ৷
সভাত নিদিষ্ট বক্তাৰ ভাষন দিয়ে অখিল ভাৰতীয় বনবাসী কল্যান আশ্ৰমৰ সন্দীপ কাৱিশ্বৰে৷ মুকলি সভাত কেইবাগৰাকীও অতিথিক সৰ্ম্বধনা জনোৱা হয়৷ মুকলি সভাতেই লোকনৃত্য প্ৰদৰ্শন কৰে মিচিং , হাজং আৰু সোনোৱাল কছাৰী জনগোষ্ঠী সকলে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ধেমাজি জিলা কল্যান আশ্ৰমৰ সভাপতি ধৰণীধৰ দলেয়ে ৷