জি এছ টি পৰিষদৰ সিদ্ধান্তঃ ভ্ৰমণ, হোটেল ব্যয় হৈ পৰিব সহজলভ্য, পৰ্যটন খণ্ডলৈ নতুন আশা

২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই সিদ্ধান্ত অনুসৰি, ৭৫০০ টকাতকৈ কম দামৰ হোটেল ৰুমত জি এছ টি ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
জি এছ টি পৰিষদৰ সিদ্ধান্তঃ ভ্ৰমণ, হোটেল ব্যয় হৈ পৰিব সহজলভ্য, পৰ্যটন খণ্ডলৈ নতুন আশা

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ নেতৃত্বত জি এছ টি পৰিষদে দেশৰ পৰ্যটন আৰু ভ্ৰমণ খণ্ডক উৎসাহিত কৰিবলৈ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই সিদ্ধান্ত অনুসৰি, ৭৫০০ টকাতকৈ কম দামৰ হোটেল ৰুমত জি এছ টি ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ (আই.টি.চি. নথকা অৱস্থাত) কৰা হৈছে।

পৰ্যটকসকলৰ বাবে সুখবৰ

এই সলনীৰ ফলত ৭৫০০ টকাতকৈ কম দামৰ হোটেল ৰুম একেবাৰে সস্তা হ’ব। যাৰ জৰিয়তে দেশৰ পৰ্যটন আৰু গ্ৰাহকৰ অতিৰিক্ত আয়ৰ ব্যৱহাৰ বৃদ্ধি পাব। ১০০০ টকাতকৈ কম দামৰ ৰুম আগৰ দৰে জি এছ টি মুক্ত হৈয়ে থাকিব। আৰু ৭৫০০ টকাতকৈ অধিক দামৰ ৰুমত ১৮ শতাংশ জি এছ টি বজাই থাকিব।

মেকমাই-ট্ৰীপৰ-ৰ সহ-প্ৰতিষ্ঠাপক আৰু গ্ৰীপ চি’ই’অ ৰাজেশ মেগ’য়ে কয়, “জি এছ টি কমিলে হোটেল ৰুম অধিক সুলভ হ’ব। ইয়াৰ ফলত দেশীয় পৰ্যটন বজাৰত চাহিদা বৃদ্ধি পাব।” 

EaseMyTrip-ৰ চি’ই’অ ৰিকান্ত পিটিয়ে কৈছে, “পূৰ্বৰ ৪টা জি এছ টি শ্ৰেণীৰ পৰিবৰ্তে কেৱল ৫ শতাংশ আৰু ১৮ শতাংশৰ দুটা হাৰ কৰাৰ এই পদক্ষেপে ভ্ৰমণক অধিক সুলভ কৰি তুলিব আৰু পৰ্যটন খণ্ডক আগুৱাই নিব।”

বিমান ভ্ৰমণতো সকাহ

নতুন নিয়ম অনুসৰি, ইকনমি ক্লাছ টিকটত জি এছ টি ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে। আনহাতে, বিজনেছ ক্লাছৰ ভাড়াত জি এছ টি ১৮ শতাংশৰ পৰা কমাই ১২ শতাংষ কৰা হ’ব। এই সিদ্ধান্তৰ ফলত বিনোদনমূলক আৰু ব্যৱসায়িক উভয় ধৰণৰ যাত্ৰীৰ বাবে বিমান ভ্ৰমণৰ খৰচ যথেষ্ট হ্ৰাস পাব।

জি এছ টি গঠনৰে নতুন ৰূপ

২২ ছেপ্টেম্বৰ পৰা কার্যকৰী হ’বলগীয়া জি এছ টিৰ নতুন গঠন অনুসৰি, এতিয়াৰ পৰা ১২ শতাংশ আৰু ২৮ শতাংশ হাৰ বাতিল কৰি কেৱল ৫ শতাংশ আৰু ১৮ শতাংশৰ দুটা প্ৰধান শ্ৰেণী বজাই ৰাখা হ’ব। 

জি এছ টি পৰিষদে এই পদক্ষেপক “ঐতিহাসিক দীপাৱলীৰ উপহাৰ” হিচাপে বৰ্ণনা কৰিছে। সিদ্ধান্তটোৱে মূল্যস্ফীতি হ্ৰাস, গ্ৰাহক ব্যয় বৃদ্ধি আৰু অৰ্থনীতিৰ সামগ্ৰিক গতিশীলতা বঢ়াব বুলি আশা প্ৰকাশ কৰা হৈছে।

tourism travel