কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত “চিৰ চেনেহী মোৰ ভাষা জননী” গীতৰ প্ৰশিক্ষণ

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা সভা "কামৰূপ মহানগৰ জিলা সাহিত্য সভা"ৰ “ৰামধেনু” উপ-সমিতিৰ উদ্যোগত অসম সাহিত্য সভাৰ “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক আৰম্ভণি গীতটিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়

author-image
Asomiya Pratidin
New Update
144

ডিজিটেল সংবাদ, গুৱাহাটী : শনিবাৰে অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা সভা "কামৰূপ মহানগৰ জিলা সাহিত্য সভা"ৰ “ৰামধেনু” উপ-সমিতিৰ উদ্যোগত অসম সাহিত্য সভাৰ “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক আৰম্ভণি গীতটিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয় ৷ কাহিলিপাৰাস্থিত নৰকাসুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উপৰিও আন আন শাখাৰ সতীৰ্থ সকলো উপস্থিত থাকি অনুষ্ঠানটিৰ সফলতাত সহযোগিতা আগবঢ়ায় ৷

Advertisment

কাৰ্যসূচীৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোঁহাঞিবৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্জ্বলন কৰে জিলা সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে ৷ পুষ্পাঞ্জলি অৰ্পণ কৰে উপ-সভাপতি জ্যোতিৰ্ময়ী ডেকা , সম্পাদক অৰুণ কুমাৰ মহন্ত আৰু সতীৰ্থসকলে ৷  

WhatsApp Image 2025-08-23 at 5.17.46 PM

জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে সাহিত্য সভা আৰু আৰম্ভণি গীতটিৰ সম্পৰ্কে কিছু কথা অৱগত কৰোৱাৰ লগতে প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷  প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে - কাবেৰী দাস , অখিল দাস , ড° স্বৰ্ণলতা নাথ, প্ৰেমলতা ফুকন , কবিতা হাজৰিকা , লক্ষ্য ডেকা , তবলা বাদক ধৰম প্ৰতিম শৰ্মা , বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ শৰ্মা , কনক চন্দ্ৰ শৰ্মা , মনালিছা মেধি , মৃণালি ভৰালী , মঞ্জু বৰা ৷

মিত্ৰদেৱ মহন্ত ৰচিত আৰু ইন্দ্ৰেশ্বৰ শৰ্মাই সুৰাৰোপিত  আৰম্ভণি গীতটিৰ স্বৰলিপি অনুযায়ী প্ৰশিক্ষণ আগবঢ়াই ৰামধেনু উপ-সমিতিৰ আহ্বায়ক তথা সংগীত বিশাৰদ বিতুমনি গোস্বামীয়ে লগতে সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত আৰু ইন্দ্ৰেশ্বৰ শৰ্মা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক কিছু কথা অৱগত কৰে ৷  আগন্তুক দিনত আন আন স্থানটো পৰ্যায়ক্ৰমে এই প্ৰশিক্ষণ আগবঢ়াই নিয়া হ’ব বুলি ৰামধেনুৰ দ্বাৰা ঘোষণা কৰা হয় ৷

অসম সাহিত্য সভা সাহিত্য সভা