অহা ২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব ৰে’লৰ ভাড়া

ভাৰতীয় ৰে’লৰ নতুন নিৰিখ প্ৰকাশ কৰা হৈছে। আজিৰ দিনটোতে ভাৰতীয় ৰে'লৱেই প্ৰকাশ কৰে এই  ভাড়াৰ নতুন নিৰিখ।অহা ২৬ ডিচেম্বৰৰ পৰা নতুন বৰ্ধিত নিৰিখ কাৰ্যকৰী হ'ব বুলি জানিবলৈ দিছে ভাৰতীয় ৰে'লে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আপুনি ৰে'ল যাত্ৰা কৰি ভাল পায় নেকি? তেন্তে এই খবৰ অতি গুৰুত্বপূৰ্ণ । কিয়নো ভাৰতীয় ৰে’লৰ নতুন নিৰিখ প্ৰকাশ কৰা হৈছে। আজিৰ দিনটোতে ভাৰতীয় ৰে'লৱেই প্ৰকাশ কৰে এই  ভাড়াৰ নতুন নিৰিখ।অহা ২৬ ডিচেম্বৰৰ পৰা নতুন বৰ্ধিত নিৰিখ কাৰ্যকৰী হ'ব বুলি জানিবলৈ দিছে ভাৰতীয় ৰে'লে।

download (4)

উল্লেখ্য যে,২০২৪-২৫ বিত্তীয় বৰ্ষত ৰে’লৱেৰ মুঠ ব্যয় ১ লাখ ৬৩ হাজাৰ কোটিলৈ বৃদ্ধি পাইছে। বৃদ্ধি কৰা হোৱা নাই লোকেল ট্ৰেইনৰ ভাড়া। নতুন ভাড়াৰ নিৰিখত লোকেল আৰু মাহেকীয়া টিকটৰ দাম বৃদ্ধি কৰা নাই। ২১৫ কিঃমিঃ পৰ্যন্ত দূৰত্বলৈ যিসকলে জেনেৰেল ডবাত ভ্ৰমণ কৰিব তেওঁলোকৰ ক্ষেত্ৰতো কোনো ভাড়া বৃদ্ধি নহয়।

images (11)

 ইপিনে ২১৫ কিলোমিটাৰৰ পাছত জেনেৰেল ডবাত প্ৰতি কিঃমিঃ ত ১ পইচাকৈ বৃদ্ধি কৰা হৈছে। মেইল আৰু এক্সপ্ৰেছ ট্ৰেইনত নন-এচি আৰু এচি ক্লাছত প্ৰতি কিঃমিঃ ২ পইচাকৈ ভাড়া বৃদ্ধি কৰিছে। ৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বলৈ যাত্ৰা কৰিব, নন-এচিৰ ক্ষেত্ৰত ১০ টকাকৈ ভাড়া বৃদ্ধি পাব

153326382

ভাৰতীয় ৰে'লৱে