/asomiyapratidin/media/media_files/2026/01/20/660-2026-01-20-22-20-52.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : জুৱাত সৰ্বহাৰা হৈ যৌতুক বিচাৰি পত্নীক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰাত। কেৱল ইমানেই নহয়, পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগত স্বামীসহ শাহু-শহুৰেক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা স্বামীৰ নাম আমিৰুল ইছলাম (২৫), শাহুৱেকৰ নাম আমিনা খাতুন (৪৫) আৰু শহুৰেকৰ নাম শ্বালু সেখ (৫০)।পিতৃ-মাতৃৰ সহযোগত আমিৰুলে পত্নীক হত্যা কৰাৰ অভিযোগত মঙলবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-2026-01-20-22-21-39.jpeg)
উল্লেখ্য যে, সোমবাৰে চিপ লোৱা অৱস্থাত স্বামী গৃহত উদ্ধাৰ হৈছিল বোৱাৰীৰ মৃতদেহ। ১০ দিন পূৰ্বেও পত্নীয়ে আমিৰুলক পিতৃগৃহৰ পৰা আনি দিছিল ১০ হেজাৰ টকা। গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তক আজি হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হৈছিল।
ইয়াৰ পাছতে আদালতে শাহু আৰু শহুৰেকক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। একেদৰে স্বামী আমিৰুলক তিনিদিনৰ বাবে খাৰুৱাবান্ধা আৰক্ষীৰ জিম্মাত দিছে আদালতে। আনহাতে মৃতদেহটি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাত পৰিয়ালৰ লোকক গতাই দিয়া হৈছে।
উল্লেখযোগ্য যে, মানকাচৰৰ ফুলেৰচৰ দ্বিতীয়খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা। ঘটনাটোক লৈ আৰক্ষীয়ে দক্ষিণ শালমাৰা থানাত BNS-ৰ ধাৰা 61(2)/80(2)/3(5) আৰু POCSO আইনৰ ধাৰা 6, লগতে Dowry Prohibition Act-ৰ ধাৰা 4ৰ অধীনত গোচৰ নম্বৰ 12/26 পঞ্জীয়ন কৰি তিনিওজনকে গ্ৰেপ্তাৰ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us