মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে গুৱাহাটীত যাতায়তৰ নতুন নিৰ্দেশনা...

বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ড০ ভূপেন হাজৰিকা ৰোড, ৰাজীৱ গান্ধী ৰোডৰ জ্যোতিকুছি পর্যন্ত, দক্ষিণগাঁও তিনিআলিৰ পৰা লালগণেশলৈ বাণিজ্যিক সামগ্রী কঢ়িয়াই নিয়া বাহনৰ চলাচল পুৱা ১১ বজাৰ পৰা মাজনিশা ১২ বজালৈ বন্ধ থাকিব।

author-image
Asomiya Pratidin
New Update
new ap web 3 (14)

ডিজিটেল ডেস্কঃ  আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া আই চি চি মহিলা বিশ্বকাপ ২০২৫ উদ্বোধনী খেলক লৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। যাতায়তৰ ক্ষেত্ৰত প্ৰদান কৰা নির্দেশনা অনুসৰি বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ড০ ভূপেন হাজৰিকা ৰোড, ৰাজীৱ গান্ধী ৰোডৰ জ্যোতিকুছি পর্যন্ত, দক্ষিণগাঁও তিনিআলিৰ পৰা লালগণেশলৈ বাণিজ্যিক সামগ্রী কঢ়িয়াই নিয়া বাহনৰ চলাচল পুৱা ১১ বজাৰ পৰা মাজনিশা ১২ বজালৈ বন্ধ থাকিব।

পুৱা ১১ বজাৰ পৰা কেবল অনুমতি থকা বাহনসমূহহে লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী তিনিআলিলৈ যাব পাৰিব। লখৰা চাৰিআলিৰ পৰা আৰ্যনগৰ অভিমুখে যোৱা বাহনসমূহ লালগণেশ তিনিআলিত পথ সলনি কৰোৱা হ’ব। ধীৰেণপাৰা তিনিআলিৰ পৰা বর্ষাপাৰা তিনিআলি অভিমুখে কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব।

খেল শেষ হোৱাৰ পাছত ষ্টেডিয়ামৰ ভিতৰত ৰখাই থোৱা বাহনবোৰ ধীৰেণপাৰা তিনিআলি বা বর্ষাপাৰা তিনিআলি অভিমুখে যাব পাৰিব। ধীৰেণপাৰা তিনিআলিৰ পৰা গড়চুক আৰু ফটাশিল আমবাৰীৰ ফালে যাব পাৰিব। বর্ষাপাৰা বা ধীৰেণপাৰাৰ পৰা কুল বসুমতাৰী ৰোডত কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব।

মহিলা ক্ৰিকেট