মহানগৰ যান বাহন আৰক্ষীৰ সংবাদমেল...

আজি নিশাৰে পৰা আগন্তুক ১৫ দিনৰ বাবে চানমাৰী উৰণ সেঁতুৰ এটা ট্ৰেক বন্ধ থাকিব বুলি গুৱাহাটী যান-বাহন আৰক্ষীয়ে জানিবলৈ দিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-24 at 4.21.10 PM

ডিজিটেল ডেস্কঃ আজি নিশাৰে পৰা আগন্তুক ১৫ দিনৰ বাবে চানমাৰী উৰণ সেঁতুৰ এটা ট্ৰেক বন্ধ থাকিব বুলি গুৱাহাটী যান-বাহন আৰক্ষীয়ে জানিবলৈ দিছে। এক সংবাদমেল সম্বোধন কৰি যান-বাহন আৰক্ষীয়ে জনায় যে, এই সময়ছোৱাত চানমাৰিৰ পৰা জু-তিনিআলিলৈ যোৱা ট্ৰেটোক খোলা থাকিব যদিও কৰ্মাচৰ পইণ্টৰ পৰা চানমাৰি অভিমুখী ট্ৰেকটো সম্পূৰ্ণৰূপে বন্ধ ৰখা হ’ব।

আৰক্ষীৰ তথ্য অনুসৰি, পথ সংস্কাৰ আৰু যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাৰ সুবিধাৰ্থে এই অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যান-বাহন আৰক্ষীয়ে লগতে জনায় যে, প্ৰথম ১৫ দিনৰ পাছত ব্যৱস্থাটো পুনৰ পৰিৱৰ্তন কৰা হ’ব। সেই অনুসৰি, দ্বিতীয় পৰ্যায়ত চানমাৰিৰ পৰা জু-তিনিআলিলৈ যোৱা ট্ৰেক বন্ধ ৰাখি কৰ্মাচৰ পইণ্টৰ পৰা চানমাৰি অভিমুখে যোৱা ট্ৰেক খুলি দিয়া হ’ব।

এই সময়ছোৱাত সাধাৰণ নাগৰিকক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে যান-বাহন আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে।

গুৱাহাটী