পৰম্পৰাগত কৰম উৎসৱৰ নৃত্য, গীতৰ সঠিক, শুদ্ধ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে কৰ্মশালা আৰম্ভ

কৰম উৎসৱৰ নৃত্য, গীত সঠিকভাৱে চৰ্চা আৰু উপস্থাপনৰ লগতে ইয়াৰ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰ আৰু সংবৰ্ধনৰ বাবে প্ৰচেষ্টা হাতত লৈছে আদিবাসী কালচাৰেল ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং চেণ্টাৰে।

author-image
Asomiya Pratidin
New Update
পৰম্পৰাগত কৰম উৎসৱৰ নৃত্য, গীতৰ সঠিক, শুদ্ধ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে কৰ্মশালা আৰম্ভ

ডিজিটেল ডেস্কঃ আদিবাসী সম্প্ৰদায়ৰ নতুন প্ৰজন্মৰ মাজত কৰম উৎসৱৰ নৃত্য, গীত সঠিকভাৱে চৰ্চা আৰু উপস্থাপনৰ লগতে ইয়াৰ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰ আৰু সংবৰ্ধনৰ বাবে প্ৰচেষ্টা হাতত লৈছে আদিবাসী কালচাৰেল ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং চেণ্টাৰে। তাৰেই অংশ স্বৰূপে আদিবাসী সংস্কৃতি সংৰক্ষণ কমিটী আৰু ঢেকিয়াজুলিৰ চাপৈ ভুটিয়াআলি গাঁৱৰ ৰাইজৰ সহযোগত আদিবাসী কালচাৰেল ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং চেণ্টাৰে যোৱা ৬ ছেপ্তম্বৰৰ পৰা পৰম্পৰাগত কৰম উৎসৱৰ নৃত্য আৰু গীতৰ এক দীঘলীয়া কৰ্মশালাৰ আয়োজন কৰিছে। 

৬ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈ মুঠ তিনিটা পৰ্যায়ত এই কৰ্মশালা অনুষ্ঠিত হোৱাৰ পিছত ২৭ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া কৰম উৎসৱত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এই নৃত্য, গীত সঠিকভাৱে প্ৰদৰ্শন কৰা হ’ব। প্ৰশিক্ষাৰ্থীসকলক এই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰিছে আদিবাসী সংস্কৃতিৰ দুই বিশিষ্ট সাধক ক্ৰমে নগাঁৱৰ প্ৰবোধ টপ্প আৰু ঢেকিয়াজুলিৰ জন কুজুৰে। 

অনুষ্ঠানটোৰ সন্দৰ্ভত আদিবাসী কালচাৰেল ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং চেণ্টাৰৰ পৰিচালক এলফন্স কুজুৰে কয় যে, আদিবাসী সমাজৰ পবিত্ৰ কৰম উৎসৱৰ সৈতে জড়িত নৃত্য, গীত আৰু ইয়াৰ বাদ্যৰ নিজা বৈশিষ্ট্য আছে। অতি চহকী এই সংস্কৃতি কালক্ৰমত এতিয়া বিজতৰীয়া হৈ পৰিছে। বহুতেই ঝুমুইৰ নৃত্যু, গীতক কৰম পৰ্বৰ নৃত্য, গীতৰ সৈকে একাকাৰ কৰিছে। কৰম পৰ্বতো ঝুমুইৰ গীত, নৃত্য পৰিবেশন কৰি প্ৰকৃত কৰম পৰ্বৰ নৃত্য, গীতক বিকৃত কৰি আহিছে। এনে প্ৰেক্ষাপটতে কৰম পৰ্বৰ নৃত্য, গীতক সঠিকভাৱে তৰুণ প্ৰজন্মৰ মাজলৈ লৈ যোৱা, এইসমূহ সঠিকভাৱে সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ বাবেই আমি এই কৰ্মশালাৰ আয়োজন কৰিছো। 

ঢেকিয়াজুলি