কিয় আকৌ চৰ্চালৈ চুমি-বিশাল-তাৰ্কিক ?

CBIৰ তদন্ত আৰু তথ্য প্ৰমাণৰ ভিত্তিত আদালতত ৰুজু হোৱা গোচৰৰ প্ৰথমটো শুনানি ১২ ডিচেম্বৰত হ'ব ৷

author-image
Asomiya Pratidin
New Update
new ap web 1 (32)

ডিজিটেল ডেস্কঃ  পুনৰ চৰ্চালৈ আহিছে দেশ কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ  মূল অভিযুক্ত। চুমি বৰা, বিশাল ফুকন, তাৰ্কিক বৰা আৰু অভিজিত চন্দৰ বিৰুদ্ধে CBIৰ তদন্তত আদালতে নজৰবন্দী আৰু আগতীয়া অনুমতিৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। ইপিনে জামিন পোৱাৰ পাছতো আদালতে দিছে নজৰবন্দীৰ নিৰ্দেশ ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তক । আদালতৰ অনুমতি অবিহনে কোনো ঠাইলৈ যাব নোৱাৰিব এই চাৰি অভিযুক্ত।

উল্লেখ্য যে বহু অভিযুক্তৰ বিৰুদ্ধে CBIএ সকলো তথ্য-প্ৰমাণ আদালতত জমা দিয়াৰ পিছত আৰম্ভ হ'ব গোচৰ প্ৰক্ৰিয়া ৷ প্ৰথমেই চুমি বৰা, তাৰ্কিক বৰা, বিশাল ফুকন আৰু অভিজিত চন্দৰ বিৰুদ্ধে CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত ৰুজু হৈছে ২৯/২৫ নম্বৰত গোচৰ ৷ CBIৰ তদন্ত আৰু তথ্য প্ৰমাণৰ ভিত্তিত আদালতত ৰুজু হোৱা গোচৰৰ প্ৰথমটো শুনানি ১২ ডিচেম্বৰত হ'ব ৷ এই শুনানিত সোঁ শৰীৰে হাজিৰ থাকিব লাগিব এই  চাৰি অভিযুক্ত ৷ স্বাস্থ্যজনিত কাৰণৰ বাহিৰে  যদি শুনানিত হাজিৰ নাথাকে তেন্তে  লগে লগে গ্ৰেপ্তাৰ হ'ব অভিযুক্ত। 

তাৰোপৰি আদালত অথবা তদন্তকাৰী বিষয়াই বিচাৰিলেই  তেওঁলোক উপস্থিত হ'ব লাগিব ৷ আনহাতে আদালতত জব্দ হৈ থকা চুমি বৰাৰ পাছপৰ্ট, তাৰ্কিক বৰাৰ কেমেৰা, লেপটপ আদি বিচাৰি আবেদন কৰিছিল যদিও সেই আবেদন লগে লগে খাৰিজ কৰে আদালতে ৷ 

ট্ৰেডিং ট্ৰেডিং কেলেংকাৰী অনলাইন ট্ৰেডিং কাণ্ড বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী