ট্ৰেক্টৰৰ খুন্দাত নিহত ছাত্ৰঃ উত্তপ্ত ওদালগুৰিৰ ৰাজপথ...

সংকটজনক অৱস্থাত ছাত্ৰজনক চিকিৎসালয়লৈ নিয়া হয় যদিও কিছুসময় পিছত ছাত্ৰজনক মৃত ঘোষণা কৰে চিকিৎসকে। ইয়াৰ পাছতেই পৰিৱেশ কিছু উত্তপ্ত হৈ পৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ওদালগুৰিঃ   ওদালগুৰি চহৰৰ ৰাজপথত এতিয়া মৃত্যুৰ কিৰিলি। চহৰখনত প্ৰায় ধাৰাবাহিকভাৱে সংঘটিত পথ দুৰ্ঘটনাত এতিয়ালৈ বহু লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহত হৈছে বহু লোক।

আজি পুৱাৰ ভাগতো চহৰখনত সংঘটিত এক পথ দুৰ্ঘটনাত স্কুলীয়া ছাত্ৰ নিহত হয়। ঘটনাৰ স্থান গোলমাগাঁও সমীপৱৰ্তী খাংখালাবাৰী। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মনোজ চৌহানে বিদ্যালয়লৈ বুলি চাইকেল চলাই আহি থকাৰ সময়তে এখন এএছ২৭চি২৮১২ নম্বৰৰ ট্ৰেক্টৰে মহতিয়াই নিয়ে ছাত্ৰজনক।

সংকটজনক অৱস্থাত ছাত্ৰজনক চিকিৎসালয়লৈ নিয়া হয় যদিও কিছুসময় পিছত ছাত্ৰজনক মৃত ঘোষণা কৰে চিকিৎসকে। ইয়াৰ পাছতেই পৰিৱেশ কিছু উত্তপ্ত হৈ পৰে। বিদ্যালয়ৰ শিক্ষাৰ্থী, অভিভাৱকসহ স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

বিদ্যালয় চলাৰ আগমূহুৰ্তৰ পৰা বিদ্যালয় ছুটী হোৱালৈ চহৰখনত গধুৰ বাহন চলাচল বন্ধ থকা স্বত্বেও কিদৰে এনে ধৰণৰ বাহন চলি আছে তাক লৈ প্ৰশাসনক জগৰীয়া কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পিছত ঘটনাস্থলীত উপস্থিত হয় বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী।

তেখেতে প্ৰতিবাদকাৰী ৰাইজৰ সৈতে কথা পাতি এনে সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰাৰ লগতে বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ কথা উল্লেখ কৰাত পৰিস্থিতি কিছু সাম কাটে।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন জব্দ কৰাৰ লগতে মৃত ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক গটাই দিয়ে। উল্লেখ্য যে, ওদালগুৰি চহৰখনত প্ৰায়েই পথ দুৰ্ঘটনা সংঘটিত হৈ আহাৰ লগতে সন্ধিয়া হোৱাৰ লগে লগে একাংশ উদণ্ড বাইকাৰ্ছে তাণ্ডৱৰ সৃষ্টি কৰি আহিছে।

ওদালগুৰি