গ্ৰাম্য পৰ্যটনঃ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে চনকা

গ্ৰাম্য পৰ্যটনঃ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে চনকা

author-image
asomiyapratidin
New Update
গ্ৰাম্য পৰ্যটনঃ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে চনকা

প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ অসম। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত নাই কি! পাহাৰ, নদ-নদীৰে ভৰি আছে অসম। তাৰেই এক স্থান মায়ঙৰ চনকা। এই চনকাক লৈয়ে অসমীয়া প্ৰতিদিন ডিজিটেলত নজৰুল ইছলামৰ পৰ্যটন বিশেষ।

Advertisment

মৰিগাঁও জিলাৰ মায়ং গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও হল চনকা।ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰা আধা ঘণ্টাৰ বাট চনকা লৈ । মায়ং- পবিতৰা চাবলৈ অহা প্ৰতি গৰাকী দেশী বিদেশী পৰ্য্যটকৰ এতিয়া এটা চিনাকি নাম চনকা।চনকাৰ আছে বহু ইতিহাস আৰু অলিখিত কাহিনী। সেইখন চনকা গাঁও এতিয়া পৰ্যটকৰে একপ্ৰকাৰ উদুলি মুদুলি হৈ থাকে । ২০১৪ চন মানলৈ আধা চাইকেল চলাই আধা খোজ কাঢ়ি যাব লাগে গাঁওখনলৈ। দুৰ্গম বাট পথৰ সেই পৰিৱেশ এতিয়া নাই।বৰ্তমান দেশী-বিদেশী পৰ্যটকক প্ৰতি মুহূৰ্ততে হাতবাউলি মাতি থাকে ঐতিহাসিক চনকাৰ অনুপম প্ৰাকৃতিক সৌন্দৰ্যই।

গাঁওখনত প্ৰৱেশ কৰাৰ আগতেই মায়ং পাহাৰৰ মাজেৰে যোৱা ঠেক পথটোৰ ওখ ধেনু ভিৰিয়া ঠাই খিনিত ভৰি দিয়েই দেখা পোৱা প্ৰাকৃতিক সৌন্দৰ্যত প্ৰতিজন লোক একপ্ৰকাৰ বিমুগ্ধ হৈ পৰে ।চাবলৈ গলে কি নাই চন'কাত? সুউচ্চ মায়ং পাহাৰে আগুৰি আছে গাঁওখন।পাহাৰৰ ওখ ওখ টিলাৰ পৰাই ৰিণিকি ৰিণিকি দেখা পোৱা যায় ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা দৰং জিলাৰ বিভিন্ন অঞ্চল, গুৱাহাটী মহানগৰীৰ এটা অংশ, শৰাইঘাটৰ দলং আৰু যে কত কি !

ক্লিক কৰি পঢ়কঃ ষষ্ঠ অনুসুচীৰ দাবীত ৰাভা হাছংত বিশাল চাইকেল ৰেলীৰে সজাগতা সমদল…

মায়ং পাহাৰৰ প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ ফাঁকে ফাঁকে দুই কিঃমিঃ দৈর্ঘৰ এটা লুংলুঙীয়া বাট গাঁওখনলৈ। চনকা গাঁৱলৈ যোৱা পথটোৰ মাজতে আছে কানাই বৰশী বোৱা এটা ইতিহাস প্ৰসিদ্ধ প্ৰকাণ্ড শিল। অৱশ্যে সেই শিলটো পথ নিৰ্মাণৰ বাবে দুফাল হৈ পৰিল। কিংবদন্তি মতে সেই শিলৰ ওপৰত বহি ব্ৰহ্মপুত্ৰত হেনো কানায়ে বৰশী বাইছিল।শিলটোৰ ফাঁকে ফাঁকে সৰু সৰু গাড়ী বোৰ পাৰ হৈ থকা দৃশ্য চালে চকুৰোৱা। গছ গছনি ভৰা চিৰ সেউজ পৰিৱেশ গাঁওখনৰ চাৰিওফালে।

গাঁওখনৰ কিনাৰেদি কুলু কুলু শব্দৰে বৈ যোৱা বিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশিত জলকেলী থকা শিহুৰ বিচৰণ প্রত্যক্ষ কৰি আপ্লুত হৈ পৰে দেশীয় দর্শনাৰ্থী সকল।ব্ৰহ্মপুত্ৰৰ পাৰত মায়ং পাহাৰৰ ওপৰতে আছে পথটোৰ কাষতে ঐতিহাসিক নৰসিংহ আশ্ৰম। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত ফুলি থকা ঘন কঁহুৱা, ঝাওবনৰ দৃশ্যই ক্ষন্তেকৰ বাবে হলেও প্ৰতিজন লোকক চাব লৈ বাধ্য কৰায়।মুঠৰ ওপৰত চনকা এতিয়া পৰ্য্যটকৰ বাবে এক মনোৰম ঠাই।

চনকা ৰ এই মনোৰম দৃশ্য…

নীৰৱ নিস্তব্ধ,নিতাল হৈ থাকে বেছি ভাগ সময় সেই অঞ্চলটো। সেয়ে হয়টো দিনক দিনে পবিতৰাৰ বনভোজ থলীত কৈ বণভোজ প্ৰেমী লোকৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে চনকাত।বন ভোজ খোৱাৰ সময়ত মাথো সৃষ্টি হয় কিছু কোলাহল শব্দ যন্ত্ৰৰ।সেই শব্দ প্ৰদূষণ ৰোধ কৰিব পাৰিলে এক অনন্য সোৱাদ লাভ কৰিব চনকা লৈ অহা প্ৰতিগৰাকী পৰ্যটকে। এই ক্ষেত্ৰত প্ৰশাসনৰ দায়িত্ব যথেষ্ট।কাৰণ ব্ৰহ্মপুত্ৰৰ বালি চৰ বোৰত যথেষ্ট পৰিমাণে পৰিভ্ৰমী পক্ষীৰ বিচৰণ দেখা পোৱা যায়।সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অসম মুলুকলৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীৰ কলৰবেৰে মুখৰিত হৈ থাকে চনকা ,নৰসিংহ আশ্ৰম আৰু হিলৈ খুন্দা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ বালি চৰবোৰ।

এতিয়া বন ভোজ খোৱাৰ সমাগত। বন ভোজ প্ৰেমী লোক সকলৰ লগতে দর্শনাৰ্থীৰ সুবিধাৰ্থে চনকাত গঢ় লৈ উঠিছে চাৰিখন ৰিজৰ্ট। অসমীয়া যুৱকে আৰম্ভ কৰিছে এই "ৰিজৰ্ট"ৰ ব্যৱসায়।থকা খোৱাৰ সকলো সুবিধা আছে প্ৰতি খনতে।পৰ্য্যটনৰ প্ৰচুৰ সম্ভাৱনা থকাগাঁও খনৰ পিছফালে নৈৰ পাৰত দুদিন পূৰ্বে দুই ভাতৃ মিন্টু ডেকা আৰু প্ৰশান্ত ডেকায়ো নিজৰ চন পৰি থকা মাটি দৰাত নিজাববীয়াকৈ মুকলি কৰিলে আন এখন ৰিজৰ্ট।

ধৈৰ্য্য,আত্মবিশ্বাস আৰু প্ৰচুৰ সাহস লৈ আগবাঢ়িছে দুই ভাতৃ। সহযোগ কৰিছে পিতৃ মাতৃ আৰু পৰিয়ালৰ লোকে। "চনকা দীপালি কেম্প" সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত থলুৱা খাদ্য জুতি লগাকৈ সকলোৱে এসাজ খাব পৰা কৈ সুবিধা আছে দীপালি ৰিজৰ্টখনত। বনভোজ খাবলৈ অহা কোনো লোকে যদি পুৱাৰ জলপান ৰ পৰা দুপৰীয়াৰ আহাৰ পৰ্যন্ত অৰ্ডাৰ কৰে, তেন্তে সেই সুবিধাও কৰি দিব "চনকা দীপালি কেম্পত"এই কথা জানিবলৈ দিয়ে দুই ভাতৃয়ে।

চনকাৰ পৰ্যটনৰ কথা কৈ থাকিলে শেষ নহ'ব। বন ভোজ ৰ সময়ত গাঁও খনৰ পিছফালে থকা ব্ৰহ্মপুত্ৰৰ বালি চৰ ত অগণন লোকৰ সমাগম ঘটে।নাচ গানেৰে ৰজনজনাই থাকে। অতি কম পইচাৰ বিনিময়ত ঘোঁৰা গাড়ীত উঠি নদীৰ পাৰ বোৰ ভ্ৰমণ কৰিব পাৰে। সৰু সৰু নৌকাৰে নৌকা যাত্ৰা কৰিবও পাৰে। গাঁও খনৰ যুৱক সকলে পৰিস্কাৰ পৰিচন্নতা কৰি ৰাখে ঠাই বোৰ। তাৰ বিনিময়ত প্ৰতি খন গাড়ীৰ পৰা প্ৰৱেশ পথতে এটা মাচুল সংগ্ৰহ কৰে। মাচুল সংগ্ৰহ কৰি পোৱা টকা গাঁওখনৰ কিছু উন্নয়ন মূলক কামত ব্যৱহাৰ কৰে।

অৱশ্যে মায়ং গাঁও পঞ্চায়তে চনকাৰ সেই বনভোজ স্থলীৰ পৰা এটা ৰাজহ সংগ্ৰহ কৰে।কিন্তু পৰ্য্যাপ্ত সুবিধা কৰি দিব পৰা নাই গাঁও পঞ্চায়তৰ তৰফৰ পৰা।তেনে কিছু অভাৱ আৰু অভিযোগৰ কথাও সময়ে সময়ে চৰ্চাত আহে।জিলা প্ৰশাসনে এক সুপৰিকল্পিত বিজ্ঞান সন্মত দৃষ্টি ভংগীৰে চনকাৰ বনভোজ থলীৰ লগতে গাঁওখনৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব দিলে অসমৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয় ঠাই হিচাপে পৰিগণিত হ'ব।।