নিউয়ৰ্কত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত ৫জন, আহত কেইবাজনো ভাৰতীয় পৰ্যটক

নায়াগ্ৰা জলপ্ৰপাতৰ পৰা নিউয়ৰ্ক চহৰলৈ ৫৪ জন লোকক লৈ যোৱা এখন ট্যুৰ বাছ বাগৰি পৰে। এই দুৰ্ঘটনাত পাঁচজন যাত্ৰী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। 

author-image
Asomiya Pratidin
New Update
fdfdf

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বিয়লি নিউয়ৰ্কৰ পেমব্ৰুক সমীপত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। নায়াগ্ৰা জলপ্ৰপাতৰ পৰা নিউয়ৰ্ক চহৰলৈ ৫৪ জন লোকক লৈ যোৱা এখন ট্যুৰ বাছ বাগৰি পৰে। এই দুৰ্ঘটনাত পাঁচজন যাত্ৰী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। ইয়াৰে অধিকাংশই ভাৰত, চীন আৰু ফিলিপাইনছৰ পৰ্যটক।

Advertisment

নিউয়ৰ্ক ষ্টেট আৰক্ষীৰ মেজৰ আন্দ্ৰে ৰেইয়ে নিশ্চিত কৰিছে যে, নিহতসকল সকলো প্ৰাপ্তবয়স্ক। আহতসকলৰ বয়স ১ বছৰ পৰা ৭৪ বছৰৰ ভিতৰত। বহু যাত্ৰীক বাহনখনৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও আন কেইবাজনো ধ্বংসাৱশেষৰ তলতে আছে। উদ্ধাৰকাৰী দলৰ তৎপৰতাত কেইঘণ্টামান ধৰি চলা অভিযানৰ অন্তত হেলিকপ্টাৰ আৰু এম্বুলেন্সৰ জৰিয়তে ৪০ জনতকৈ অধিক আহতক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়ে যে, মেজৰ ৰেইৰ ভাষ্য অনুসৰি, “অপাৰেটৰজন অন্যমনস্ক হৈ পৰিছিল, নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু অতিমাত্ৰা গতিৰ ফলত বাছখন পথৰ পৰা আঁতৰি দুৰ্ঘটনাত পতিত হয়। ইয়াত বাহনৰ যান্ত্ৰিক বিজুতি বা গাড়ীচালকৰ শাৰীৰিক অসুস্থতা, দুয়োটো কাৰণ নাকচ কৰা হৈছে। ” উল্লেখযোগ্য যে, ষ্টেটেন আইলেণ্ডৰ এম এণ্ড ৱাই ট্যুৰ ইনকৰ্পৰেশ্যনৰ বাছখনৰ বিগত দুবছৰত কোনো দুৰ্ঘটনা হোৱাৰ ৰেকৰ্ড নাছিল। লগতে ইয়াৰ ফেডাৰেল ছেফটি ৰেটিং “সন্তোষজনক” আছিল বুলি জানিব পৰা গৈছে।