দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, জানি লওঁক সম্পূৰ্ণ কাৰ্যসূচী...

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণ। ১০ মাৰ্চত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী।

author-image
Asomiya Pratidin
New Update
HEMNNTY

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণ। ১০ মাৰ্চত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী। এই দুদিনীয়া ভ্ৰমণসূচীতে বহু কেইটা কাৰ্যসূচীত হেমন্ত চৰেণে কৰিব অংশগ্ৰহণ।  অহা 

জানি লওঁক ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণৰ অসম ভ্ৰমণৰ সম্পূৰ্ণ কাৰ্যসূচীঃ

১০ মাৰ্চ, ২০২৬- 

পুৱা ১০.৩০ বজাতঃ ৰাঞ্চীৰ কানকে ৰোডস্থিত বাসভৱনৰ পৰা ৰাওনা হ’ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণ।
পুৱা ১০.৫০ বজাতঃ বিৰছা মুণ্ডা বিমানবন্দৰত উপস্থিত হব মুখ্যমন্ত্ৰী হেমন্ত চৰেণ।
পুৱা ১১.০০ বজাতঃ বিৰছা মুণ্ডা বিমানবন্দৰৰ পৰা উৰা মাৰিব কৰিব মুখ্যমন্ত্ৰীগৰাকী।
দিনৰ ১২.৪০ বজাতঃ পাবহি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত।
দিনৰ ১ বজাতঃ হেলিকপ্টাৰেৰে উৰা মাৰিব বিশ্বনাথলৈ।
দিনৰ ১.১৫ বজাতঃ অৱতৰণ কৰিব মুইকাজান চাব বাগিচা খেলপথাৰত। এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
বিয়লি ৪ বজাতঃ তেওঁ যাত্ৰা আৰম্ভ কৰিব তেজপুৰৰ সমীপৱৰ্তী নাপামজাৰণী খেলপথাৰলৈ। তাতে ইফতাৰত অংশ লব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
সন্ধিয়া ৫.৫০ বজাতঃ খেলপথাৰৰ পৰা পথযোগে যাত্ৰা কৰিব তেজপুৰৰ হোটেল গ্ৰীণ উডলৈ। 
সন্ধিয়া ৬.১০ বজাতঃ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হবগৈ গ্ৰীণ উড হোটেলত। নিশা হোটেলখনতেই কটাব তেওঁ।

১১ মাৰ্চ, ২০২৬-

পুৱা ১১ বজাতঃ হোটেলখনৰ পৰা তেওঁ আৰম্ভ কৰিব যাত্ৰা। 
পুৱা ১১.২০ বজাতঃ উপস্থিত হ’ব নাপামজাৰণী খেলপথাৰৰ হেলিপেডত। 
পুৱা ১১.২৫ বজাতঃ মুখ্যমন্ত্ৰীগৰাকী হেলিকপ্টাৰযোগে যাত্ৰা কৰিব গুৱাহাটীলৈ।
দিনৰ ১১.৫৫ বজাতঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণ উপস্থিত হ’ব বৰঝাৰ বিমানবন্দৰত। 
দিনৰ ১২.১০ বজাতঃ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ বিমানৰ জৰিয়তে ঝাৰখণ্ডলৈ উৰা মাৰিব। 
দিনৰ ১.৫০ বজাতঃ বিৰছা মুণ্ডা বিমানবন্দৰত উপস্থিত হ’ব তেওঁ। 
বিয়লি ২ বজাতঃ বিমানবন্দৰৰ পৰা পথেৰে ঝাৰখণ্ড বিধানসভালৈ যাব মুখ্যমন্ত্ৰী চৰেণ।
বিয়লি ২.১০ বজাতঃ বিধানসভাত উপস্থিত হৈ বাজেট অধীবেশনত অংশগ্ৰহণ কৰিব তেওঁ। 
সন্ধিয়া ৫.২০ বজাতঃ বিধানসভাৰ পৰা গৈ নিজ বাসভৱনত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী। 

KDFKDJFKJDKJFD

ঝাৰখণ্ড অসম