দেশত যোৱা ২৪ ঘন্টাত ৬৪,৫৫৩ জনৰ দেহত ধৰা পৰে কোৰোনা, আক্ৰান্তৰ সংখ্যা ২৪.৬১ লাখলৈ বৃদ্ধি….

দেশত যোৱা ২৪ ঘন্টাত ৬৪,৫৫৩ জনৰ দেহত ধৰা পৰে কোৰোনা, আক্ৰান্তৰ সংখ্যা ২৪.৬১ লাখলৈ বৃদ্ধি….

author-image
asomiyapratidin
New Update
দেশত যোৱা ২৪ ঘন্টাত ৬৪,৫৫৩ জনৰ দেহত ধৰা পৰে কোৰোনা, আক্ৰান্তৰ সংখ্যা ২৪.৬১ লাখলৈ বৃদ্ধি….

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ১৪ আগষ্টৰ পুৱা ভাগলৈকে ভাৰতত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৪.৬১ লাখৰো অধিকলৈ বৃদ্ধি পাইছে। ইফালে যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ৬৪,৫৫৩জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। তদুপৰি এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০০৭জন লোকৰ।

Advertisment

উল্লেখ্য যে, দেশত ১৭ লাখৰো অধিক লোক বৰ্তমানলৈ সুস্থ হৈছে। আনহাতে, যোৱা ২৪ ঘন্টাত এই ভাইৰাছত আক্ৰান্ত ৫৫৫৭৩জন লোক সুস্থ হৈ উঠিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত আৰোগ্যৰ হাৰ ৭০.১৭ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২৬.৮৮ শতাংশ লোক চিকিৎসাধীন হৈ আছে।