/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-20-50-48.jpg)
ডিজিটেল ডেস্কঃ উজনি অসমৰ কেইবাখনো জিলাৰ লগতে চিলাপথাৰতো ধেমাজি জিলা অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু নাথ যোগী ছাত্ৰ সন্থাৰ যৌত উদ্যোগত আৰু নাথ যোগী যুৱ পৰিষদ, নাথ যোগী জাতীয় পাৰিষদ, নাথ যোগী পুৰোহিত সন্মিলনী, নাথ যোগী মহিলা সন্মিলনী আৰু নাথ যোগী স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতিৰ ধেমাজি জিলা সমিতিৰ সহযোগত সন্ধিয়া চিলাপথাৰৰ পাল পট্টিৰ পৰা নগৰৰ মাজেৰে এক বিশাল জোঁৰ সমদল বাহিৰ কৰে।
/asomiyapratidin/media/post_attachments/f4827c59-5b2.png)
উল্লেখ্য যে, হাতে হাতে জোঁৰ,বেনাৰ,প্লে কাৰ্ড লৈ পাঁচ সহস্ৰাধিক নাথ যোগী পুৰুষ মহিলাই খিলঞ্জীয়া নাথ যোগী সকলক পূৰ্ণাঙ্গ সংৰক্ষিত শ্ৰেণীৰ মৰ্য্যদা প্ৰদান কৰক, নাথ যোগী উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ গঠন কৰক, নাথ যোগী সকলক জনজাতিৰ মৰ্য্যদা প্ৰাদান কৰক,জনজাতীয় স্বায়ত্ব শাসিত এলেকাত বসবাস কৰা নাথ যোগী সকলক ভূমি অধিকাৰ প্ৰদান কৰক, মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক, হৰ হৰ মহাদেৱ আদি বিভিন্ন শ্ল'গানেৰে কঁপাই তোলে চিলাপথাৰৰ আকাশ বতাহ ।
/asomiyapratidin/media/post_attachments/7bb03e5d-239.png)
অসমৰ মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীটোক দিয়া প্ৰতিশ্ৰুতি ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে পালন কৰিবলৈ আহ্বান জনায়, অন্যথা অসমত বসবাস কৰা ৪০ লক্ষাধিক শান্তিপ্ৰিয় নাথ যোগী লোক সকলে নিজৰ সাংবিধানিক অধিকাৰৰ বাবে সমগ্র অসমতে আৰু অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দি চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীকৈ এখন ২১ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
/asomiyapratidin/media/post_attachments/31d2782d-167.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us