/asomiyapratidin/media/media_files/2025/09/05/gytyuiu-2025-09-05-15-13-20.jpg)
ডিজিটেল ডেস্কঃ লখিমপুৰ আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ ৷ অৰুণাচল সীমান্তত দুদিন কটালে লখিমপুৰ আৰক্ষীয়ে ৷ সীমান্তত বাহৰ পাতি সীমান্তৰ ৰাইজৰ অভাৱ অভিযোগ, আইন শৃংখলাৰ বুজ লোৱাৰ উপৰিও বিভিন্ন সমস্যাক লৈ সজাগতাৰ সৃষ্টি কৰে ৷
আৰক্ষী আৰু জনতাৰ সম্পৰ্ক যাতে মধুৰ কৰাৰ বাবে অৰুণাচল সীমান্তৰ ফুলবাৰীত দুদিন কটায় লখিমপুৰৰ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা ,অতিৰিক্ত আৰক্ষী অধীক্ষক ডেইজী গগৈ, অপৰাধ শাখাৰ অতিৰিক্ত অধীক্ষক নয়নমণি বৰ্মন আদি শীৰ্ষ বিষয়াই ৷
এই সময়চোৱাত সীমা সমস্যাৰ লগতে হাতী মানুহৰ সংঘাত, নাৰী সৰবৰাহ, ড্ৰাগছ সৰবৰাহ আৰু স্ব নিয়োজন গ্ৰাম্য পৰ্যটন আদিৰ সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰে আৰক্ষীয়ে৷