ডিঙিত গামোছা লৈ কোৰোনাৰ ভেকচিন ল’লে প্ৰধানমন্ত্ৰীয়ে…

ডিঙিত গামোছা লৈ কোৰোনাৰ ভেকচিন ল’লে প্ৰধানমন্ত্ৰীয়ে…

ডিজিটেল ডেস্কঃ আজিৰে পৰা দেশত আৰম্ভ হৈছে কোৰোনা ভেকচিন প্ৰদানৰ দ্বিতীয় পৰ্যায়। দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনটোৰ পুৱাই দিল্লীৰ এইমছত কোৰোনা ভেকচিন ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ডিঙিত অসমৰ গামোছা লৈ প্ৰধানমন্ত্ৰীয়ে ললে কোৰোনাৰ ভেকচিন।

উল্লেখ্য যে, ১মাৰ্চৰ পৰা আৰম্ভ হোৱা কোৰোনা দ্বিতীয় পৰ্যায়ৰ টীকাকৰণত ৬০বছৰৰ ওপৰৰ সকলো ব্যক্তিকে ভেকচিন প্ৰদান কৰা হব। ইয়াৰ উপৰিও গম্ভীৰ ৰোগ থকা ৪৫-৫৯বছৰ বয়সৰ সকলো নাগৰিককে ভেকচিন প্ৰদানৰ সুবিধা এই পৰ্যায়তে কৰা হব।

ভেকচিন লোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এখন ফটো টুইটাৰত শ্বেয়াৰ কৰি লিখিছে- Took my first dose of the COVID-19 vaccine at AIIMS. Remarkable how our doctors and scientists have worked in quick time to strengthen the global fight against COVID-19. I appeal to all those who are eligible to take the vaccine. Together, let us make India COVID-19 free!

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in