/asomiyapratidin/media/media_files/2025/08/23/155-2025-08-23-22-28-59.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঐক্য শান্তি আৰু প্ৰগতিৰ মহামন্ত্ৰৰে দীক্ষিত ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ । ঢকুৱাখনা বিধানসভা সমষ্টিত আঞ্চলিক দলটোৰ সাংগঠনিক শক্তি বৃদ্ধিৰ লগতে জনমুখী কর্মসূচী গ্ৰহনেৰে আঞ্চলিকতাবাদৰ ধ্বজাৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰাৰ লক্ষ্যৰে এখন নতুন সমষ্টি সমিতি ইতিমধ্যে সৰ্ব সন্মতভাৱে গঠন কৰা হৈছে।
প্ৰবীণ অগপ নেতা দুলাল দত্তক সভাপতি , হৰেন দত্ত ,সুৰেন চাংমাই, ৰঞ্জিত বৰা ,কালোৰাম দলেক উপ সভাপতি, সমুজ্জল চেতিয়া আৰু নবীন পেগুক সম্পাদক হিচাপে লৈ নবগঠিত ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিখনক কেন্দ্ৰীয় সমিতিয়ে অনুমোদন দিছে । এই শক্তিশালী বিধানসভা সমষ্টি সমিতিখনৰ জৰিয়তে দলটোৰ গনভিত্তি থকা সমষ্টিটোত আঞ্চলিক দলটোৰ ভেঁটি অধিক মজবুত কৰাৰ লক্ষ্যৰে দেওবাৰে নবগঠিত সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হব ।
ঢকুৱাখনা অগপৰ স্থায়ী কাৰ্যালয় প্ৰাঙ্গনত দেওবাৰে দুপৰীয়া অনুষ্ঠিত হব এই গুৰুত্বপূৰ্ণ অনুষ্ঠান । দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তুলন কোঁৱৰ আৰু লখিমপুৰ জিলা অগপৰ সভাপতি দীপক বৰদলৈয়ে পৰ্যবেক্ষক হিচাবে উপস্থিত থাকি নৱনিৰ্বাচিত সমিতিখনক শপত বাক্য পাঠ কৰাব ।
উল্লেখযোগ্য যে আঞ্চলিক দলটোৰ নব নিৰ্বাচিত সমষ্টি সমিতিৰ অন্য বিষয়ববীয়া সকল ক্ৰমে তথ্য প্ৰযুক্তি সম্পাদক ঋতু দত্ত, তথ্য প্ৰচাৰ সম্পাদক ধৰ্ম কান্ত দলে, সহকাৰী সম্পাদক পুতুল সন্দিকৈ, হেমন্ত পায়াং ,বলীন পেগু ,বীৰেন বৰা , হৰি চন্দ্ৰ শইকীয়া, সাংগঠনিক সম্পাদক পৰমা পাতিৰ ,সঞ্জীৱ মৰাং,ৰমা কান্ত দাস , কাৰ্য্যালয় সম্পাদক মহানন্দ দলে, বিত্ত সম্পাদক নিতুল বৰা, কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে ইন্দ্ৰদীপ দিহিঙীয়া ,মৃদুল গগৈ ,দিলীপ ধৰ,পংকজ গগৈ, মণি কুমাৰ দলে ,যতীন বৰুৱা, সুনীল মেদক, ফুলেশ্বৰ দলে, দীপা গোঁহাই, চেনেহী দত্ত,ৰুণজুন চুতীয়া ,ৰুনো দাস, হৰিন্ধি বৰুৱা পাচনী, কৰবী বুঢ়াগোঁহাই, নিৰোমাই চুতীয়া, যতীন দাস, অনিল সেনাপতি, সেৱক কলিতা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেশ দলে আৰু কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য হৰিচন্দ্ৰ বৰুৱা আৰু প্ৰাঞ্জল দিহিঙীয়াই দেওবাৰে শপত গ্ৰহণ কৰি দলীয় বুনিয়াদ অধিক শক্তিশালী ৰূপত গঢ়াৰ পৰিক্ৰমাত মনোনিবেশ কৰিব ।
উল্লেখ্য যে দেওবাৰে শপত গ্ৰহণৰ পাছতেই নৱগঠিত সমষ্টি সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক কাৰ্যালয়ত অনুষ্ঠিত কৰা হব আৰু প্ৰাথমিক কৰ্মসূচী গ্ৰহণ কৰিব ।