/asomiyapratidin/media/media_files/2025/09/22/396-2025-09-22-11-34-33.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে সোণাপুৰৰ হাতীমূৰা কমাৰকুছিত হ'ব জুবিন গাৰ্গৰ অন্তিম সংস্কাৰ। ইতিমধ্যে সেই স্থানত চলিছে অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি। সোমবাৰে পুৱা আছুৰ শীৰ্ষ নেতৃত্ব, মন্ত্ৰী কেশৱ মহন্ত, ডা০ ৰণোজ পেগু, প্ৰশাসনিক বিষয়া উপস্থিতিত যুদ্ধকালীন প্ৰচেষ্টাৰে প্ৰশাসনে কমাৰকুছিত চলাইছে প্ৰস্তুতি।
উল্লেখযোগ্য যে, হাতীমূৰা কমাৰকুছিৰ ১০ বিঘা ভূমিত হ'ব অসমীয়াৰ প্ৰিয় শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ। কাইলৈ পুৱা ৮ বজাত আৰম্ভ হ'ব জুবিন গাৰ্গৰ শেষ যাত্ৰা। আপোন শিল্পীগৰাকীৰ এই শেষ যাত্ৰাত ভাগ লব হাজাৰ হাজাৰ অনুৰাগীয়ে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ভাগে ভাগে সকলোৱে কৰি হৈছে জুবিন গাৰ্গৰ শেষকৃত্যৰ প্ৰাৰম্ভিক কাম-কাজ। হাটিমূৰাৰ জংঘল কাটি ক্ষীপ্ৰতাৰে শিল্পীগৰাকীৰ শেষ ঠিকনা সাজু কৰাত লাগি গৈছে সকলোৱে।
ইফালে, আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে, 'জুবিন গাৰ্গ সকলোৰে হৃদয়ৰ শিল্পী আছিল। গতিকে তেওঁৰ সমাধিক্ষেত্ৰত মানুহক একান্ত অনুভৱ কৰাব পাৰে, তেনেকুৱা এটা পৰিৱেশৰ মাজত সমাধিক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ দাবীন জনাইছো বুলিও কৰে উল্লেখ।