/asomiyapratidin/media/media_files/2026/01/06/585-2026-01-06-21-49-06.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : এক চৰকাৰী কাৰ্যসূচী লৈ বুধবাৰে ঢকুৱাখনা সমজিলালৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকী পুৱা বেলা হেলিকপ্টাৰযোগে উপস্থিত হ'ব ঘিলামৰাৰ চেকচেকি পথাৰত । তাৰ পৰা ঘিলামৰা উন্নয়ন খণ্ডৰ সমীপৰ মণ্ডপৰ এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪ হাজাৰ৬২১ গৰাকী উদ্যমী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা আঁচনিৰ পুঁজি প্ৰদান কৰিব ।
ইয়াৰ পাছতে পথেৰে ঢকুৱাখনালৈ অহাৰ বাটত ঢকুৱাখনা জিলা বিজেপি কাৰ্যালয়ৰ নৱনির্মিত ভৱনৰ উদ্বোধন কৰি উপস্থিত হ'ব ১৭২২খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হোৱা ঐতিহ্য মণ্ডিত হাৰ্হি দেৱালয় প্ৰাঙ্গনত । কেঁচাইখাটি গোসাঁনীৰ শ্ৰীচৰণত আঁঠু লৈ মুখ্যমন্ত্ৰী বিয়লি ২-৩০ বজাত ৰাওনা হ'ব মাতমৰাৰ ৰাজহুৱা সভা প্ৰাংগনলৈ ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-2026-2026-01-06-21-43-31.jpeg)
ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ পাৰত অৱস্থিত সভা মণ্ডপত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৱণ্টিত প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰৰ বান খহনীয়া প্ৰতিৰোধ প্ৰকল্প আঁচনিৰ আধাৰশিলা, ৭৮কোটি ব্যয় সাপেক্ষে ঢকুৱাখনা জিলা অসামৰিক চিকিৎসালয় নিৰ্মাণ আঁচনি, ১২কোটি ৬৮লাখ ব্যয়ৰে বাসুদেৱ থান নৰোৱা সত্ৰ উন্নয়ন আৰু প্ৰায় ৪০ কোটি ব্যয়ৰে ফাটবিহু বাকৰি উন্নয়ন আঁচনি নিৰ্মাণৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰিব মাতমৰাৰ সভা প্ৰাঙ্গনত । সভাতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা আঁচনিৰ অধীনত ১৯হাজাৰ ৬৪০ গৰাকী হিতাধিকাৰীক পুঁজি প্ৰদান কৰিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us