/asomiyapratidin/media/media_files/2025/11/20/ap-web-1-3-2025-11-20-16-37-47.jpg)
ডিজিটেল ডেস্কঃ হলিউডৰ সৰ্ববৃহৎ একচন তাৰকা টম ক্ৰুজ। এই তৰকা গৰাকীয়ে ৪৫ বছৰীয়া অপেক্ষাৰ অন্তত অৱশেষত লাভ কৰিছে বিশেষ সন্মান।
উল্লেখ্য যে টম ক্ৰুজক সৰ্বোচ্চ বঁটা অস্কাৰেৰে সন্মানিত কৰা হৈছে। বলীউডৰ ছুপাৰষ্টাৰ অনিল কাপুৰেও এই কৃতিত্বক লৈ কৰিছে সুখ প্ৰকাশ।২০২৫ চনৰ ১৬ নৱেম্বৰত গভৰ্ণৰছ এৱাৰ্ডত সন্মানীয় অস্কাৰেৰে সন্মানিত কৰা হৈছিল টম ক্ৰুজে। এই মুহূৰ্তটো তেওঁৰ বাবে অতিকৈ আৱেগিক আছিল।
তাৰোপৰি, এই কৃতিত্বৰ বাবে তেওঁক বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অভিনন্দন আৰু শুভেচ্ছা আগবঢ়াইছে। বলীউডৰ ছুপাৰষ্টাৰ অনিল কাপুৰেও শুভেচ্ছা জ্ঞাপন কৰি সুখ প্ৰকাশ কৰিছে।
টম ক্ৰুজে তিনিবাৰকৈ অস্কাৰৰ মনোনয়ন লাভ কৰিছিল যদিও প্ৰতিবাৰেই তেওঁ খালী হাতেৰে উভতি আহিব লগা হৈছিল কিন্তু ৪৫ বছৰৰ অন্তত অস্কাৰ লাভ কৰিলে কিংবদন্তি অভিনেতাগৰাকীয়ে।
আনফালে হলিউডৰ ডলবি বলৰুমত অভিনেতাগৰাকীক এই সন্মান প্ৰদান কৰে। ১৬ সংখ্যক বাৰ্ষিক গৱৰ্ণৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁক সন্মানীয় একাডেমী বঁটা প্ৰদান কৰে।
প্ৰাণিধানযোগ্য যে, এই বঁটা লাভ কৰাৰ পিছত টম ক্ৰুজে মন্তব্য কৰে যে - “চিনেমাই মোক বিশ্বজুৰি চিনাকি কৰাই দিছে। আমি যি ঠাইৰ পৰাই নহওঁক কিয়, সেই থিয়েটাৰত আমি একেলগে হাঁহো, একেলগে অনুভৱ কৰো, একেলগে আশা কৰো। সেইটোৱেই এই কলাৰ শক্তি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us