আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ ভোটগণনা

আজি অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে ২১ অক্টোবৰ ২০২৫ মঙলবাৰে সুকলমে সম্পন্ন হৈ গৈছে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন। 

author-image
Asomiya Pratidin
New Update
31

ডিজিটেল ডেস্ক : আজি অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে ২১ অক্টোবৰ ২০২৫ মঙলবাৰে সুকলমে সম্পন্ন হৈ গৈছে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন। 

দুবছৰৰ অন্তত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ২২ অক্টোবৰ ২০২৫ৰ পুৱা ৯-০০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া। একেদৰে এই ভোটগণনা অন্ত পৰাৰ পাছতে আটাইকেইগৰাকীৰ প্ৰাৰ্থীৰ ফলাফল ওলাব।

কপাল ফুলিব প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ। জয়ী হোৱা প্ৰাৰ্থীৰ কাৰ্যকালৰ সময়সীমা হ’ব দুবছৰ। ২০২৫ৰ পৰা ২০২৭ বৰ্ষলৈকে তেওঁলোকে প্ৰেছ ক্লাৱৰ নিৰ্দিষ্ট নিৰ্দিষ্ট পদত অধিষ্ঠিত হ’ব পাৰিব।

প্ৰণিধানযোগ্য যে, আজিৰ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত উপ-সভাপতি পদত প্ৰদীপ বৰ্মন আৰু মহিলা সংৰক্ষিত আসনত ৰঞ্জিতা ৰাভাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। এইবেলি নিৰ্বাচনত উপ-সভাপতিৰ বাহিৰে অন্য পদ সমূহৰ ভিতৰত সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছে ভুৱন চেতিয়া আৰু খগেন কলিতাই ।

একেদৰে সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছে অমৰেন্দ্ৰ ডেকা, অপূৰ্ব কাৰ্জী, জোনজ্যোতি দত্ত বৰা আৰু প্ৰাঞ্জল বৰুৱই। সহকাৰী সাধাৰণ সম্পাদকৰ পদত কে জামান চৌধুৰী, শ্বাহ আলম আৰু সহকাৰী সাধাৰণ সম্পাদকৰ মহিলা সংৰক্ষিত পদত পদ্মিনী হাজৰিকা আৰু ৰশ্মিৰেখা শইকীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে কোষাধ্যক্ষ পদত হীৰকজ্যোতি টাইড, কনক শইকীয়া আৰু ৰণ্টু নেওগে প্ৰতিদ্বন্দ্বিতা কৰিছে ।

সাংগঠনিক সম্পাদকৰ পদত দীপাংকৰ কলিতা, হেমন্ত শৰ্মা আৰু নয়নজ্যোতি ভূঞাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সাংস্কৃতিক সম্পাদকৰ পদত মনোজ দুৱৰা আৰু সমীৰণ বৰঠাকুৰ।

ক্ৰীড়া সম্পাদকৰ পদত দীপাংকৰ দাস আৰু পীতাম্বৰ নেৱাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে । এইবাৰৰ নিৰ্বাচনত মুঠ ১,১০০ ভোটাৰৰ প্ৰায় ৯৩৮ গৰাকী ভোটাৰে ভোটদান কৰে বুলি জানিব পৰা গৈছে।

guwahati press club