আজি ৰাম জন্মভূমি মন্দিৰৰ ধ্বজাৰোহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

আন এক আধ্যাত্মিক অনুষ্ঠানৰ বাবে সাজু হৈছে ৰামনগৰী অযোধ্যা। বিশেষভাৱে সজাই তোলা হৈছে অযোধ্যা নগৰ। অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ ওপৰত আজি ধ্বজা আৰোহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

author-image
Asomiya Pratidin
New Update
314

ডিজিটেল ডেস্ক : আন এক আধ্যাত্মিক অনুষ্ঠানৰ বাবে সাজু হৈছে ৰামনগৰী অযোধ্যা। বিশেষভাৱে সজাই তোলা হৈছে অযোধ্যা নগৰ। অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ ওপৰত আজি ধ্বজা আৰোহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 

এই অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সমগ্ৰ অযোধ্যা নগৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। এ টি এছ আৰু এন এছ জিৰ পৰা চাইবাৰ টীমলৈকে নিৰাপত্তা বাহিনীৰ সতৰ্কতাৰে সমগ্ৰ অযোধ্যা এতিয়া এক অভেদ্য দুৰ্গলৈ ৰূপান্তৰিত হৈছে। এণ্টি ড্ৰ’ন চিষ্টেম, স্নাইপাৰ ডিউটি আৰু ৯০ জন কাৰিকৰী বিশেষজ্ঞ অনুষ্ঠানৰ বাবে নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবে সাজু কৰা হৈছে ৬৯৭০ নিৰাপত্তাৰক্ষীৰ কৰ্ডন। ইতিমধ্যে মোডীৰ ভ্ৰমণৰ প্ৰাকক্ষণত সোমবাৰে অযোধ্যাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। তেওঁ মন্দিৰ চৌহদত অনুষ্ঠানৰ প্ৰস্তুতি পৰিদৰ্শন কৰাৰ লগতে মন্দিৰ প্ৰশাসন আৰু জিলা প্ৰশাসনে কৰা প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছিল।

আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা প্ৰায় ১০ বজাত সপ্তমন্দিৰ পৰিদৰ্শন কৰি মহৰ্ষি বশিষ্ঠ, মহৰ্ষি বিশ্বামিত্ৰ, মহৰ্ষি অগস্ত্য, মহৰ্ষি বাল্মিকী, দেৱী অহল্যা, নিশাদৰাজ গুহ আৰু মাতা শ্ববৰীৰ মন্দিৰত সেৱা জনাব। ইয়াৰ পিছত তেওঁ মাতা অন্নপূৰ্ণা মন্দিৰ পৰিদৰ্শন কৰিব। তাৰ পিছতে তেওঁ ৰাম দৰবাৰ গৰ্ভগৃহত প্ৰাৰ্থনা কৰিব।

দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ শিখৰত গেৰুৱা ধ্বজা আৰোহণ কৰিব। বিবাহ পঞ্চমীৰ অভিজিত মুহূৰ্তৰ লগত সংগতি ৰাখি এই ধ্বজা আৰোহণ অনুষ্ঠানৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাম জন্মভূমি মন্দিৰৰ শিখৰত ১০ ফুট উচ্চতা আৰু ২০ ফুট দীঘল ত্ৰিকোণীয় ধ্বজা উত্তোলন কৰিব।

এই ধ্বজাত উজ্জ্বল সূৰ্যৰ ছবি অংকিত হৈ থাকিব, এয়া হৈছে ভগৱান ৰামৰ প্ৰতিভা আৰু শৌৰ্যৰ প্ৰতীক। ইয়াত কাঞ্চৰ গছৰ ছবিৰ লগতে ‘ওঁম’ ধ্বনি লিখা থাকিব। পবিত্ৰ গেৰুৱা ধ্বজাখনে ৰামৰাজ্যৰ আদৰ্শ প্ৰতিফলিত কৰি মৰ্যাদা, ঐক্য, সাংস্কৃতিক ধাৰাবাহিকতাৰ বাৰ্তা প্ৰেৰণ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী