বৰহোলাত ২০০ গৰাকী কৃষকক কৃষি সঁজুলি,বীজ,সাৰ বিতৰণ

বৰহোলাৰ নগাবাট ঠেঙ্গাল গাঁৱৰ ৰংগমঞ্চত যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় আৰু হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা কেন্দ্ৰ সহযোগত এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
11-11-24 new 2

ডিজিটেল ডেস্কঃ  উত্তৰ-পূব পাহাৰ (NEH)অঞ্চলৰ কাৰ্যসূচী অংশ হিচাপে বৰহোলাৰ নগাবাট ঠেঙ্গাল গাঁৱৰ ৰংগমঞ্চত যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় আৰু হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা কেন্দ্ৰ সহযোগত এদিনীয়া মাটি পৰীক্ষাৰ প্ৰশিক্ষণ আৰু কৃষি সঁজুলি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়।

WhatsApp Image 2026-03-03 at 10.14.30 AM

প্ৰগতিশীল কৃষক তথা কৃষি সমন্বয়ক লাকীমা হাজৰিকাৰ উদ্যোগত অনুষ্ঠিতএই প্ৰশিক্ষণ আৰু সজুঁলি বিতৰণ কাৰ্যসূচীত পুৱা নগাবাট ঠেঙ্গাল গাঁৱ,নহটীয়াকে ধৰি কেইবাখনো গাঁৱৰ প্ৰায়  দুশগৰাকী জনজাতীয় কৃষকক বিভিন্ন খেতিৰ উৎপাদন বৃদ্ধি কৰিব বাবে মাটি পৰীক্ষা কেনেদৰে কৰিব পাৰি সেই সম্পৰ্কে কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ ব্রজেন্দ্র প্রধানে।   

প্ৰশিক্ষণত সমলব্যক্তি হিচাপে অংশগ্ৰহণ কৰে  তিতাবৰ অসম ধান গৱেষণা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী টি জে ঘোষে । প্ৰকল্প বিজ্ঞানী শৰৎ শেখৰ বৰা আৰু প্ৰকল্প বিষয়া বৃষ্টি শইকীয়াই আঁত ধৰা প্ৰশিক্ষণ কাৰ্যসূচী সঞ্চালনা কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডঃ মিলনজ্যোতি কোঁৱৰে। ইয়াৰ পাছতে এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডঃ পম্পী দত্তই আঁত ধৰা অনুষ্ঠানত মাটি পৰীক্ষা আৰু কৃষি সঁজুলিৰ বিতৰণ কাৰ্যসূচীৰ বিষয়ে উদ্দেশ্য ব্যাখ্যা কৰে ডঃ মিলনজ্যোতি কোঁৱৰে। 

WhatsApp Image 2026-03-03 at 10.14.33 AM

উল্লেখ্য যে, সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি হায়দৰাবাদৰ  ভাৰতীয়  ধান গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ব্ৰজেন্দ্ৰ প্ৰধানে প্ৰশিক্ষণৰত কৃষকসকলক উদ্দেশি কয় যে- আমি হায়দৰাবাদৰ  ভাৰতীয় ধান গৱেষণা কেন্দ্ৰই আপোনালোকৰ জনজাতীয় গাঁৱলৈ এই কাৰণে আহিছো যে জনজাতি লোকসকে আধুনিক খেতি বাতিত বহু পিছ পৰি আছে। গতিকে জনজাতি কৃষকসকলক কৃষি ক্ষেত্ৰত  শক্তিশালী আৰু সবলীকৰণৰ কৰিব বাবে এনেদৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছো যাতে তেওঁলোক কৃষিৰ জৰিয়তে স্বাৱলম্বী হৈ উঠে। অসম ধান গৱেষণা কেন্দ্ৰৰ  বিজ্ঞানী ডঃ ফুলেশ্বৰ নাথে মন্তব্য প্ৰকাশ কৰি কয় যে- অসমৰ কৃষকসকলে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ'বলৈ হলে ধানখেতি বাণিজ্যিক ভাৱে কৰিব লাগিব। অসমত এখন বৃহৎ পিঠাপনাৰ বজাৰ আছে। মহিলাসকলে ঘৰতে বিস্কুট বিকল্প হিচাপে লাবন্য জাতৰ ধানৰ পিঠাপনাৰ বনাব পাৰে। লাবন্য ধানৰ চাউলৰ পৰা প্ৰস্তুত কৰা পিঠা খুবেই সু-স্বাদু। ইতিমধ্য  বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ে এই লাবন্য ধানৰ চাউল আন্তঃৰাষ্ট্ৰীয় বজাৰত মাৰ্কেটিঙ কৰি আহিছে। লাবন্য ধানৰ চাউল বজাৰত এতিয়া প্ৰতি কেজিত ৩৫০ টকা । এই ক্ষেত্রত অসমৰ ডেকা লৰাসকল আগবাঢ়ি আহিব লাগিব।

WhatsApp Image 2026-03-03 at 10.14.32 AM

 আনহাতে বৰ্তমান মানুহে অধিক পলিচ বা মিলিঙ কৰা চাউল খোৱাৰ বাবে স্বাস্থ্য সমস্যাত ভূগিবলৈ ধৰিছে। অধিক পলিচ কৰাৰ ফলত চাউলত থকা ভিটামিন এ আৰু জিংক আদি পুষ্টিকৰ গুণ হেৰাই গৈছে। এ ভিটামিন নোহোৱাৰ বাবে আজি মানুহে বেছিকৈ চকুৰ সমস্যাত ভুগিছে। উখুৱা চাউল সিজোৱা বাবে ভিটামিন এ চাউলৰ ভিতৰলৈ সোমাই যায়। সেয়ে উখুৱা চাউল স্বাস্থ্যসন্মত। সভাত হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণাৰ মুখ্য বিজ্ঞানী  ডঃ চি এন নীৰজাই মন্তব্য প্ৰকাশ কৰি কয় যে- বিগত দহ বছৰ ধৰি ভাৰতীয় মানুহে বেছি মিলিঙ আৰু পলিচ কৰা চাউল খাইছে।ফলত চাউলত থকা পুষ্টিকৰ গুণ হেৰুৱাইছে। সেয়ে বেছি ভাৰতীয় মানুহে স্বাস্থ্যৰ সমস্যাত ভুগিছে। শেহতীয়াকৈ ভাৰতীয় ধান গৱেষণা কেন্দ্ৰই  এনেকুৱা এবিধ ধানৰ জাত উদ্ভাৱন কৰিছে যি অধিক মিলিঙ কৰিলে চাউলৰ পুষ্টিকৰ গুণ হেৰাই নাযায়।  

আনহাতে অসম ধান গৱেষণা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড তমিজুদ্দিন আহমেদে কৃষকসকলক অধিক উৎপাদনৰ বাবে ৰঞ্জিত ছাব ১ বাহাদুৰ ছিব ১  আৰু প্ৰচুৰ নামৰ উন্নত জাতৰ খেতি কৰিবলৈ আহবান জনায়। সভাত ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বিপুল কছাৰী অসমীয়া প্ৰতিদিনৰ সাংবাদিক মণ্টুচ্ কোঁৱৰ,  মুনমী লালিম আৰু মণিৰাম কছাৰী, বিভামণি কছাৰী আৰু পবিত্ৰ কছাৰীকে ধৰি প্ৰায় দুশ গৰাকী কৃষক উপস্থিত থাকে। সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কৃষক সকলক উন্নত জাতৰ ধানৰ বীজ কেঁচু সাৰৰ ভাৰ্মিবেড,স্পে মেছিন কোৰ,ঔষধ ছয়েল টেষ্টৰ কাৰ্ডকে বহু সামগ্ৰী বিতৰণ কৰে।

WhatsApp Image 2026-03-03 at 10.14.33 AM (1)

যোৰহাট