আমেৰিকাৰ 'এক’লেড গ্ল’বেল ফিল্ম কম্পিটিশ্বন'ত অসমীয়া ছবিৰ সাফল্য

অসমীয়া চলচ্চিত্ৰজগতৰ বাবে সু-খবৰ । আমেৰিকাৰ 'এক’লেড গ্ল’বেল ফিল্ম কম্পিটিশ্বন'ত 'এৱাৰ্ড অফ এক্সেলেন্স স্পেচিয়েল মেনশ্যন' লাভ কৰিছে  'মই এটি নিশাচৰ'নামৰ  এখন অসমীয়া ছবিয়ে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ অসমীয়া চলচ্চিত্ৰজগতৰ বাবে সু-খবৰ । আমেৰিকাৰ 'এক’লেড গ্ল’বেল ফিল্ম কম্পিটিশ্বন'ত 'এৱাৰ্ড অফ এক্সেলেন্স স্পেচিয়েল মেনশ্যন' লাভ কৰিছে  'মই এটি নিশাচৰ'নামৰ  এখন অসমীয়া ছবিয়ে।ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম  আৰু 'ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ' -ৰ দ্বাৰা প্ৰযোজিত এই ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিদ্যুৎ কটকীয়ে।

WhatsApp Image 2026-03-05 at 8.11.23 AM

উল্লেখ্য  যে -‌ সাহিত্য অকাডেমি বঁটা বিজয়ী অনুৰাধা শৰ্মা পূজাৰীৰ এটা সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে  এই ছবিখন ৷ ইপিনে এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট নাট্যশিল্পী গুণমণি বৰুৱাই । ইয়াৰোপৰি অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিছে দৰথী ভৰদ্বাজ, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়া, হিৰণ্য ডেকা, অৰুণ হাজৰিকা, অতুল পাঁচনি, নিকুমণি বৰুৱাকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।আমেৰিকাৰ ২০২৬ বৰ্ষৰ ক’ভেলাইট ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেললৈকো নিৰ্বাচিত হৈছে এই ছবিখন ৷

অসমীয়া ছবি