অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী ৰেখা শৰ্মাক শ্ৰদ্ধা জ্ঞাপন

সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত হোৱা অসম আন্দোলনত ৰেখা শৰ্মাই নগঞা ৰাইজক সন্মুখৰ পৰা নেতৃত্ব দিছিল। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী তথা সুদক্ষ মহিলা সংগঠক নগাঁও চহৰৰ আমোলাপট্টী নিবাসী ৰেখা শৰ্মাক সংগ্ৰামী সতীৰ্থ অসম আন্দোলন নগাঁৱৰ তৰফৰ পৰা তেওঁৰ বাসগৃহত শ্ৰদ্ধা জ্ঞাপন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত হোৱা অসম আন্দোলনত ৰেখা শৰ্মাই নগঞা ৰাইজক সন্মুখৰ পৰা নেতৃত্ব দিছিল। 

0a188553-468a-48d4-9bc9-fa74e532b40d

এগৰাকী মমতাময়ী মাতৃ হিচাপে তেওঁ ছাত্ৰ- ছাত্ৰী সকলক এই গণ আন্দোলন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল।তদুপৰি তেওঁৰ নেতৃত্বত ১৯৮৪ চনত নগাঁও মহাবিদ্যালয়ত অসমৰ সৰ্ববৃহৎ মহিলা অভিবৰ্তন অনুষ্ঠিত হয়। সদৌ অসম ভিত্তিত মহিলা পৰিষদ গঠন কৰি সাধাৰণ সম্পাদিকা হিচাপে নেতৃত্ব দিছিল। এগৰাকী সামাজিক- সাংস্কৃতিক কাম কাজৰ লগত জড়িত ৰেখা শৰ্মাৰ লেখিকা হিচাপেও পৰিচিতি আছে। ইপিনে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়তো পৰিচিত আছিল।কিন্তু দুৰ্ভাগ্যজনক ভাৱে অসমৰ আন্দোলনৰ পৰৱৰ্তি পৰ্যায়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ লগত সু-সম্পৰ্ক থকা ৰেখা শৰ্মা আপোচহীন নীতিৰ বাবেই উপেক্ষিত হ'বলৈ ধৰে। 

বৰ্তমান অসুস্থ ৰেখা শৰ্মাক সংগ্ৰামী সতীৰ্থ অসম আন্দোলন, নগাঁৱৰ নেতৃত্বই তেওঁক বাসভৱনত সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ সু - স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।সংগ্ৰামী সতীৰ্থ অসম আন্দোলন নগাঁৱে উল্লেখ কৰে যে ৰেখা শৰ্মাৰ সুদীৰ্ঘ সংগ্ৰামী জীৱনৰ লগতে সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে নগাঁওবাসী কৃতজ্ঞ। প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা , সংগ্ৰামী সতীৰ্থ অসম আন্দোলন ,নগাঁৱৰ হৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক তথা জ্যেষ্ঠ অধিবক্তা পৰাণ গোহাঁই , সুৰজিৎ গোস্বামী ,বিজয় বৰঠাকুৰ ,  দীপক শইকীয়া , ৰাণা প্ৰতাপ গোস্বামী ,দেৱজিৎ বৰা ,ভোগেশ্বৰ বৰুৱা ক্ষিতীশ দাস আদিয়ে ৰেখা শৰ্মাক শ্ৰদ্ধা জ্ঞাপন কৰে। ৰেখা শৰ্মাৰ বোৱাৰী মানসী বৰুৱাই সকলোকে ধন্যবাদ জনায়। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত গিৰীন্দ্ৰ কুমাৰ বৰুৱা ,পৰাণ গোহাঁই, সুৰজিৎ গোস্বামীয়ে ৰেখা শৰ্মাৰ জীৱন - দৰ্শনৰ ওপৰত আলোকপাত কৰে।