জুবিনৰ হত্যাকাণ্ডৰ অভিযুক্ত সকলৰ লগত গোপন সম্পৰ্ক ৰাখিছে অখিল গগৈয়েঃ ৰাজ্যিক বিজেপি

অখিল গগৈয়ে যদি অভিযোগ নামাৰ কপি লাভ কৰিছে তেনেহ'লে অভিযুক্তকাৰী সকল অথবা তেওঁলোকৰ কতৃত্বশীল পৰিয়ালৰ লোকৰ পৰাই পাব লাগিব, গতিকে অখিল গগৈয়ে জুবিন গাৰ্গ হত্যাৰ অভিযুক্তসকলৰ লগত অথবা তেওঁলোকৰ পৰিয়ালৰ লোকৰ সৈতে গোপন সম্পৰ্ক বজাই ৰাখিছে বুলি স্পষ্ট হৈছে ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃমঙলবাৰৰ পৰা আৰম্ভ হয় জুবিন গাৰ্গক হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰত এচ আই টিয়ে দাখিল কৰা অভিযোগ নামাৰ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মন্তব্যৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে এক সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে অভিযুক্ত হত্যাকাৰী সকলৰ লগত গোপন সম্পৰ্ক ৰাখিছে বুলি বক্তব্য কৰে। 

বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে অখিল গগৈয়ে ফেচবুক লাইভযোগে চি আই ডি থানাৰ গোচৰ নং ১৮/২০২৫ গোচৰত তদন্তকাৰী এচ আই টিয়ে আদালতত দাখিল কৰা অভিযোগ নামাৰ প্ৰতিলিপি তেওঁ লাভ কৰিছে বুলি প্ৰকাশ কৰাৰ সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে উভতি ধৰি অখিল গগৈয়ে চাৰ্জশ্বিতৰ কপি কেনেকৈ লাভ কৰিলে বুলি প্ৰশ্ন কৰে আৰু কয় - মঙলবাৰে কামৰূপ মেট্ৰৰ মুখ্য ন্যায়াধীশ আদালতৰ পি আৰ চি গোচৰ নং ৪০৮৪/২০২৫ গোচৰৰ হুকুম অনুযায়ী সিদ্ধাৰ্থ, শ্যামকানু প্ৰমুখ্যে ৭ জন অভিযুক্তক চি আই ডিৰ যোগেদি তেওঁলোকক ৰখা সংশ্লিষ্ট জেললৈ অভিযোগ নামাৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে আৰু আদালতত উপস্থিত থকা উক্ত সাঁতোজন অভিযুক্তৰ কতৃত্বশীল পৰিয়ালৰ লোকক একোটাকৈ পেনড্ৰাইভত অভিযোগ নামাৰ প্ৰতিলিপি প্ৰদান কৰিছে। 

গতিকে আন কোনো তৃতীয় পক্ষক এতিয়ালৈকে অভিযোগ নামাৰ প্ৰতিলিপি প্ৰদান কৰা নাই৷ এনে পৰিস্থিতিত অখিল গগৈয়ে যদি অভিযোগ নামাৰ কপি লাভ কৰিছে তেনেহ'লে অভিযুক্তকাৰী সকল অথবা তেওঁলোকৰ কতৃত্বশীল পৰিয়ালৰ লোকৰ পৰাই পাব লাগিব, গতিকে অখিল গগৈয়ে জুবিন গাৰ্গ হত্যাৰ অভিযুক্তসকলৰ লগত অথবা তেওঁলোকৰ পৰিয়ালৰ লোকৰ সৈতে গোপন সম্পৰ্ক বজাই ৰাখিছে বুলি স্পষ্ট হৈছে ৷ 

অন্যহাতে বিধায়ক অখিল গগৈয়ে বাৰে বাৰে এচ আই টিয়ে দাখিল কৰা অভিযোগ নামা নস্যাৎ কৰি পৰোক্ষভাৱে অভিযুক্ত সকলক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত আচামীসকলৰ উকিলৰ দৰে আচৰণ কৰিছে লগতে এচ আই টিয়ে জুবিন হত্যাকাণ্ডৰ গোচৰটো প্ৰমাণ কৰি অভিযুক্তসকলক দোষী সাব্যস্ত কৰিবৰ বাবে যুগুত কৰা চৰকাৰী সাক্ষীসকলকো বিচলিত কৰিবৰ বাবে নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে বুলি মুখপাত্ৰ গৰাকীয়ে অভিযোগ দিয়ে ৷ ইপিনে প্ৰেছ বিজ্ঞপ্তিটোত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগৰ অধিনত এচ আই টিয়ে ক্ষীপ্ৰতাৰে সমগ্ৰ ঘটনাটো তদন্ত কৰি ৮৬ দিনৰ ভিতৰত অভিযোগ নামা দাখিল কৰিবলৈ সক্ষম হোৱাৰ বাবে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আদালতত খৰটকীয়াাকৈ সমাপ্ত কৰাৰ পথ প্ৰশস্ত কৰিলে বুলি মুখপাত্ৰ গৰাকীয়ে মন্তব্য কৰে৷ 

ৰাজ্যিক বিজেপি