/asomiyapratidin/media/media_files/2025/12/04/new-ap-web-11-11-24-new-2-2025-12-04-18-46-34.jpg)
ডিজিটেল ডেস্কঃ বিদেশত থাকিও নিজৰ কৃষ্টি আৰু সাধনা পাহৰি যোৱা নাই এগৰাকী প্ৰৱাসী অসমীয়াই। নাম তেওঁৰ মঞ্জিৰা চৌধুৰী। বিদেশৰত থাকিও নিজৰ পিছৰ প্ৰজন্মকো অসমৰ কৃষ্টিৰ লগত পৰিচয় কৰাই দিছে তেওঁ ৷ নগাঁৱৰ ছোৱালী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত মহেশ চন্দ্ৰ দেবগোস্বামীৰ জীয়ৰী মঞ্জীৰা চৌধুৰী বিৱাহসূত্ৰে দীৰ্ঘদিনৰ পৰা বাস কৰি আছে লণ্ডনত ৷
/asomiyapratidin/media/post_attachments/0d7bcf20-2ac.png)
ইতিমধ্যে বৃটিছ নাগৰিকত্বও লাভ কৰিছে তেওঁ ৷ বৃহস্পতিবাৰে এই গৰাকী মঞ্জিৰা চৌধুৰীক বিশেষ ভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে নগাঁৱৰ অন্যতম সাংস্কৃতিক গোষ্ঠী কল্লোলে৷ কল্লোলৰ জন্মলগ্নৰে পৰা জড়িত মঞ্জিৰা চৌধুৰীক সম্বৰ্দ্ধনা জনাই আপ্লুত কল্লোল গোষ্ঠী ৷
/asomiyapratidin/media/post_attachments/ba157a75-8c6.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us