অসম সাহিত্য সভাৰ কেন্দ্রীয় কাৰ্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ প্রস্তুতি তুংগত

উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে চন্দ্রকান্ত সন্দিকৈ ভৱনৰ চৌহদ

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-29 at 8.56.37 PM

ডিজিটেল ডেস্কঃ যোৰহাট জিলা পুঁথিভৰাল প্রাংণগত অহা ৩ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ কেন্দ্রীয় কাৰ্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ প্রস্তুতি তুংগত চলিছে।  অসম সাহিত্য সভাৰ বিভিন্ন স্থানৰ পৰা আহি অংশগ্ৰহণ কৰিবলগীয়া কেন্দ্রীয় কার্যনির্বাহকসকলকে ধৰি অন্যান্য অতিথিসকলক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি। 

Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন - Dainik  Agradoot

ইতিমাধ্য উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে চন্দ্রকান্ত সন্দিকৈ ভৱনৰ চৌহদ। সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই জানিব দিয়া মতে, এই প্রস্তুতিৰ অংশ হিচাপে  ২ ডিচেম্বৰৰ পুৱা ৮.৪০ মিনিটত অসম সাহিত্য সভাৰ পাতাল উত্তোলন কৰা হ'ব।  পতাকা উত্তোলন কার্যসূচীত যোৰহাট, চৰাইদেউ,শিৱসাগৰ, মাজুলি আৰু গোলাঘাটৰ প্রায় ১০০ গৰাকী বয়োজ্যেষ্ঠ লোকে পতাকা উত্তোলন কৰিব। মূল সভাৰ পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। চন্দ্রকান্ত সন্দিকৈ ভৱনৰ চৌহদত উত্তোলিত হ'ব লগা পতাকা উত্তোল কাৰ্যসূচীত স্বেচ্ছাসেৱী সংগঠন হেঁপাহৰ ১০০ গৰাকী সদস্যাৰ দ্বাৰা পৰিৱেশিত হ'ব অসম সংগীত। 

অসম সাহিত্য সভাৰ বক্তৃতা শৃংখলা আৰম্ভ

সাহিত্যচার্য মিত্রদেৱ মহন্তৰ ৰচিত সভাৰ গীতটি 'চিৰ চেনেহী মোৰ ভাষা জননী'যোৰহাট জিলা সাহিত্য সভাৰ ১০০ গৰাকী সদস্য-সদস্যাৰ দ্বাৰা পৰিৱেশ কৰিব। এই গীতসমূহ পৰিৱেশ কৰাৰ বাবে যোৰহাটৰ সাহিত্য সভাৰ ভৱনত ব্যাপকভাৱে অনুশীলন আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইপিনে অহা ১ ডিচেম্বৰত সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ অধিবাস নামেৰে এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত যোৰহাটৰ লগতে চন্দ্রকান্ত সন্দিকৈ ভৱনৰ চুবুৰীয়া জিলা সাহিত্য সভাকেইখনৰ সদস্য শিল্পীসকলেও অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ পতাকা উত্তোলন কৰিব বহু কেইজন বিশিষ্ট লোকে।

images (3)

ইফালে ২ ডিচেম্বৰৰ পুৱা স্মৃতি তর্পণ কাৰ্যসূচীত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্র হাজৰিকা আৰু প্ৰাক্তন সভাপতি নলিনীবালা হাজৰিকাই মুখ্য তর্পক হিচাপে অংশগ্রহণ কৰিব। উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ কর্ণধাৰ সমিতিৰ সদস্যসকলৰ লগতে বিভিন্ন আঞ্চলিক কার্যালয়ৰ সম্পাদকসকল, সাংগঠনিক সম্পাদকসকল, জিলা প্রতিনিধিসকল, বিভিন্ন উপসমিতিৰ কার্যকৰী সভাপতি  আৰু আহ্বায়কসকলে অংশগ্রহণ কৰিব। দুপৰীয়া ১২ বাজি ৩০ মিনিটৰ পৰা অসম সাহিত্য সভাৰ আজীৱন, হিতৈষী আৰু পৰম হিতৈষী সভ্যৰ সম্মিলন সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হ'ব। ডিব্রুগড় বিশ্ববিদ্যালয়ব উপাচার্য ড° জীতেন হাজৰিকাই উদ্বোধন কৰিবলগীয়া সম্মিলনত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হিতেশ ডেকা, 'অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। 

অসম