/asomiyapratidin/media/media_files/2026/01/13/625-2026-01-13-08-10-56.jpg)
ডিজিটেল ডেস্ক : মুখত হাঁহি, হাতত মোনাখন লৈ বোৱাৰী পুৱাই ওলাই আহিছে বজাৰলৈ। বিধে-বিধে মাছ, বিধে- বিধে পাচলি। তাৰ লগতে আছে ছাগলী মাংস, কুকুৰা, হাঁহ, জহা - বড়া চাউলৰ লগতে গুড়, নাৰিকল, সান্দহ আদি।
পচন্দ অনুসাৰে গ্ৰাহকে ক্ৰয় কৰিছে প্ৰতিপদ সামগ্ৰী। বেপাৰীৰ লগত আজি দৰ- দামক লৈ মুখ চুপতি কৰা নাই গ্ৰাহকে। কিয়নো আজি ভোগালীৰ উৰুকা। আনন্দ মনে পৰিয়ালৰ সৈতে নিশা গ্ৰহণ কৰিব উৰুকাৰ ভাতসাঁজ। যি সাঁজ ভাতত আছে আনন্দ, তৃপ্তি, প্ৰশান্তি আৰু প্ৰাপ্তিৰ অনাবিল আনন্দ।
আজি ককাই- ভাই, পিতাক- মাক আদি সকলোৱে একগোট হৈছে ঘৰখনত। সকলোৱে ভাগে ভাগে কৰি গৈছে ভোগালীৰ প্ৰস্তুতি। কোনোৱে আনিছে মাছ, কোনোৱে মাংস, কোনোৱে পাকঘৰত বনাইছে পিঠা- পনা আদি। মুঠৰ ওপৰত আজি ব্যস্ততাৰ অন্ত নাই অসমীয়া পৰিয়ালবোৰত। এনেদৰে আনন্দ মনে সকলোৱে উদযাপন কৰিব হেঁপাহৰ ভোগালী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us